নাজানে বুলি কয় হ’বলা। এতিয়া পিচে, সেই জুই আৰু কুকুহাৰ প্ৰকোপত আত্মীয়-কুটুম্ব, ভাই বন্ধু, ওচৰ-চুবুৰীয়া ফোনেও কাকো মনিব নোৱাৰা হ'ল।
কোনোবা এজনে আক’ ‘সিংহাসন' শব্দটোৰ কোনো অৰ্থ নাই বুলি কৈছিল। ‘হিংসাসন’ হে হ'ব লাগে বোলে। সেই ‘আসন'ত বহিবলৈ পালেই বোলে হিংসা-হিংসি, খোৱা-কোমোৰা কৰিবলৈ মন যোৱা সংক্ৰামক ব্যাধি এটা হয়। আসনখন কাকো এৰি দিব নুখুজি মৰ-কামোৰ দি ধৰি থকা আৰু সেইখন ধৰি থকাৰ বাবেই অন্য কাৰো সুখ-দুখ, অভাৱ-অভিযোগলৈ চকু-কাণ দিব নোৱাৰাটোও বোলে সেই ব্যাধিৰে লক্ষণ।
গুণীৰ গুণ বুজা জ্ঞানীসকলে অৱশ্যে তাহানিতে নাৰীক সৃষ্টিশীলা, স্নেহশীলা, সহানুভূতিশীল, সহনশীলা আদি সহস্ৰ গুণেৰে বিভূষিতা কৰিছিল। আছিলও তো! কিয় — গান্ধাৰী নাৰী নাছিল জানো? তেওঁ দেখোন নিজৰ স্বাৰ্থলৈ নাভাবি, প্ৰাণাধিক পুত্ৰসৱৰ স্বাৰ্থলৈও নাভাবি — ‘ধৰ্মৰ হে জয় হ’ব’ বুলি কৈছিল! ধৰ্মৰ জয় হলে তেওঁলোক বহি থকা সিংহাসন হেৰুৱাব লাগিব বুলি জানিও ⸺ ক’তা মোহত অন্ধ হোৱা তো নাছিল!! নাৰী সংকীৰ্ণ মনা বুলি পৰিচয় দিয়া তো নাছিল!! ইতিহাসে ঢুকি নোপোৱা কালৰ পৰাই যুগে যুগে নাৰীৰ মমতাময়ী মাতৃ ৰূপৰ তুলনা নাই। স্বদেশ ৰক্ষাৰ বাবে নাৰীয়ে কৰা ত্যাগৰ চানেকিও অলেখ। ঝান্সীৰ ৰাণী, মুলা গাভৰু, জয়মতী, ভোগেশ্বৰী, কনকলতা আদি সেয়ে আমাৰ চিৰ নমস্য।
পিচে, আমাৰ মূলা গাভৰু, কনকলতাৰ দেশৰে নাৰী কিছুমানৰ এয়া আক’ কেনে প্ৰগতি? দেশৰ সেৱা, জনসাধাৰণৰ সেৱা কৰিবলৈ তেওঁলোকৰ ইমান অসাধাৰণকৈ মন গল নে যে ভোটাৰ তালিকাখন শুধৰাবলৈও ৰ'বই নোৱাৰিলে? যাওঁতে আক’ বৰদৈচিলা মাকৰ ঘৰলৈ যোৱা দি গোটেই অসমখন ঢাহি-মুহি নিলে। ভৰিৰ তলত তেওঁলোকৰে ভাই-ভনী সকলক পিহি-
(১৬)