পৃষ্ঠা:ঈশ্বৰলৈ অভিযোগ.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দেখিলো কইনা  সুন্দৰী মইনা
 নাই গহনা পিন্ধিছে গাউন,
কাপোৰ কোছাই জেকেট মেৰাই
 হৈছিল যেন কালেক্টি‌ভ্‌ নাউন্।

 

নাৰী! তোমাৰ কিমান ৰূপ!

 

 ‘কোৱা হয় সৃষ্টিৰ মূলত যেনেকৈ নাৰী —ধ্বংসৰ মূলতো তেনেকৈ নাৰীয়েই! ঐতিহাসিক উদাহৰণ স্বৰূপে ‘ট্ৰয়’ নগৰ ধ্বংসৰ মূলত সুন্দৰী হেলেন, লঙ্কা দাহৰ মূলত বোলে সীতা। আকউ দ্ৰোপদীৰ বাবেই হেনো মহাভাৰতৰ মহাযুদ্ধ!!

 তদুপৰি ঘৰ সংসাৰ থান্ বান্ হোৱাৰ গুৰিত শাহু বা বোৱাৰী কোনোবা এগৰাকী নাৰীৰ ভূমিকা থাকিবই বোলে। আমি নাৰী সকলে পিছে, এইবোৰ কথা শুনিলে ভীষণ লাজপাওঁ। বেয়া পাওঁ। প্ৰতিবাদ কৰিব খোজোঁ।

 পিচে, লাজ পালে বা বেয়া পালে নো হ’ব কি? আচলতে কথাবোৰ অপ্ৰিয় সত্য। নহ'লেনো এই বিংশ শতাব্দীৰ সভ্যতাৰ টিং খোপত বহি নাৰী প্ৰগতিৰ বৰাই কৰা যুগতো সেই তল খুচুৰীয়া ঘৰ ভঙা জুই লগোৱা স্বভাৱবোৰ নগ'ল কিয়? আমাৰ এই সোণৰ অসমখনৰ নিৰিবিলি পৰিবেশৰ মাজত জুই জলাৰ মূৰত নাৰীৰ হাত দেখা গ'ল কিয়? ‘সাপে মোট সলায়।— স্বভাৱ নসলায়।'

 আমাৰ দেশৰ প্ৰধান আসন মানে সিংহাখনত আমাৰেই দৰে এগৰাকী নাৰী বহি দেশ চলাইছে বুলি আমি কিমান গৌৰৱ কৰোঁ!! কিন্তু তেৱেই আক’ নিজ দেশৰে আই-বোপাই, ভাই- ভনী, ককাই– ভাই সকলৰ মাজত সকলোৱে জুইত হাত সুমুৱাব

পৰাকে জুই একুৰা জ্বলাই দিলে। সেইকাৰণে স্ত্ৰী চৰিত্ৰ দেৱতাইও

(১৫)