কোনোজনীক দেখিব ‘মিনি’ এটা বা কান্ধত ফিটা লগোৱা চোলা এটা পিন্ধি টুকটুক অকনমানিৰ দৰে আলিবাটেদি গৈ আছে। কিছুমানক দেখিব টাইট্ জিনৰ লগত টাইট্ স্পৰ্টিং। মুঠতে কোন দেশৰ কোন সম্প্ৰদায়ৰ ছোৱালী ধৰিব তো নোৱাৰেই সাজ- পোচাকজোৰ বা কোন জাতীয় তাক ভগৱানেও নাজানে। কোনখন চিনেমাৰ অৱশ্যে কিছুমানে জানিব পাৰে। আপোনাৰ চকুৱে যদি শালীনতাত বাধা পায় — ( তেনেহ'লে আপুনি বৰ ৰক্ষণশীল। নহলে বয়স হৈছে বে’চ) আৰু চিনাকী মাকজনীলৈ প্ৰশ্নবোধক চাৱনিৰে চায়, উত্তৰ পাব — ‘লাগে বুলি কৈ কৈ ল'লে আৰু তাই দেউতাকক কৈ মেলি। কি-নো কৰিব আৰু! যুগৰ লগত মিলাই সাজপাৰ কৰিবলৈ বিচাৰিবই আৰু। ভাবিলো, পিন্ধিব নো কেইদিন? ডাঙৰ হ’লে শাৰী বা মেখেলা-চাদৰতো পিন্ধিবই লাগিব - পিন্ধক আৰু এইকেইটা দিন।’ ‘ডাঙৰ হ'লে’ মানে কেতিয়া ডাঙৰ হ’ব আপুনিতো নাজানেই, মাকহঁতেও নাজানে নেকি!!
কোৱা শুনিছিলোঁ — “নিজৰ ৰুচি অনুযায়ী খাবা আৰু পৰৰ ৰুচিমতে পিন্ধিবা।’ কি দৰ্কাৰ নো? নিজৰ ৰুচিমতে খালো বা নাখালো, যুগৰ ৰুচিমতে পিন্ধি যাম। তেহেলৈ লোকে ‘ৰাজহাড় নাই’ বুলি হাঁহিলেই যেনিবা। আমি কিবা আধুনিক নহয় নেকি।
পিচে সাজপাৰ লৈ তৰ্ক-বিতৰ্ক একমাত্ৰ অসমীয়া মহিলাৰ হে হয় নেকি! আন সকলে দেখোন নিজৰ নিজৰ জাতীয় সাজ-পোছাক পিন্ধি উচ্চ-মন্যতাৰে ভৰা আত্ম সম্মানৰ আত্ম-বিশ্বাসত গদ্ গদ্ হৈ ফুৰা চকা কৰে। পিছে, যেয়ে যিহকেই নকওক কিয় এটা কথা হ'লে সত্য ফেশ্যন ওলাল বুলিয়েই সকলোকে সকলো সাজপাৰেৰে নুশুৱায়। কিছুমানক দেখিলে হঠাৎ চোন ৰসৰাজ বেজবৰুৱাৰ কবিতাটোলৈহে মনত পৰে।—
এদিন ঘৰত, নহয় পৰত
বহি মোৰ পিৰালিত,
(১৪)