পৃষ্ঠা:ঈশ্বৰলৈ অভিযোগ.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বাবে। আচলতে তোমাৰ তাৰ মানে চল্লিশ।'

 আমি মনত ৰখা উচিত - আমাৰ। এজোৰ সুৰুচিপূৰ্ণ, গাম্ভীৰ্যতা থকা ধুনীয়া মেখেলা চাদৰ অসমীয়া মহিলাৰ জাতীয় সাজপাৰ বুলি প্ৰতিনিধিত্ব কৰিব পৰাকে আছে যেতিয়া — আমি অন্য যি ষ্টাইল কৰিব খোজোঁ সেইবোৰ পিন্ধিও কৰিব পাৰোঁচোন। প্ৰথমতে আমি অসমীয়া! তাৰ পিচতহে ভাৰতীয়!! শিখ্ সকলক, মাদ্ৰাজী সকলক, খাছী সম্প্ৰদায়ৰ সকলক বা অন্য যি কোনো ৰাজ্যৰ মহিলাকে কি পিন্ধিলে ভাল দেখিব বা দাম কোনটোত কম পৰিব চাই সাজপাৰ কৰাতো সচৰাচৰ চকুত নপৰে! সকলোকে আমিচোন সাজপোচাক চায়েই চিনি উলিয়াওঁ।

 আধুনিক নানা ধৰণৰ সাজ-পোচাক ওলাইছে। নতুনত্ব নো কোনে নিবিচাৰে? আমি তো প্ৰগতিৰ পথত ভৰি দি, এবাৰ আইতাহঁতৰ দিনৰ হাতখৰা ব্লাউজলৈ ( শ্লিভ্‌লে’চ নাম দি) এবাৰ হাত থ্ৰি কোৱাৰ্টাৰলৈ, এবাৰ হাত কিলাকুটিলৈকে কৰি এবাৰ তাতকৈও চুটি, এবাৰ ‘ঘটি’ এবাৰ পিঠিৰ ফালে ‘ল’ কাট্, এবাৰ বুকুৰ ফালে ‘ল’ কাট, এবাৰ ওপৰলৈকে ডিঙি তুলি, এবাৰ ‘ইউ’ এবাৰ ‘ভি’ কৰি প্ৰগতিৰ পথত ঘুৰ্ম্টি‌য়াই ফুৰোঁ। এয়া তো এয়াই। অলপ কম বয়সৰ ছোৱালীবিলাকৰ সাজ-পোচাক চাই আপুনিয়েই নহয়, চিনি নাপালে, কোনেও বুজিব নোৱাৰিব কোন দেশীয়, কোন সম্প্ৰদায়ৰ। হঠাৎ এদিন দেখিব লংপেণ্ট এটাৰ ওপৰত ব্লাউজ এটা পিন্ধি দিলে। হঠাৎ দেখিব চাৰ্ট এটাৰ তলত লুঙি এখন পিন্ধি দিলে! হঠাৎ দেখিব ‘কথক’ নচাৰ দৰে ‘ধাৰাৰা’ এটা পিন্ধিলে। কেতিয়াবা দেখিব কাবুলিৰ দৰে পায়জামা আৰু পায়জামাটোতকৈ দুই ইঞ্চি মানহে চুটি এটা ঢিলা পাঞ্জাবী। কেতিয়াবা দেখিব চেপা মৰা পায়জামা এটা আৰু একেই এটা কুৰ্ত্তা। ওৰ্ নানো যাৰ য'ত মন যায় ল'লে বা নল'লেই কেতিয়াবা দেখিব ৰাতিপুৱা দেখা ওখ পাখ ডাঙৰ ছোৱালীজনী আবেলি ‘মিডি’ এটা পিন্ধি সৰু হৈ গ'ল।

(১৩)