পৃষ্ঠা:ঈশ্বৰলৈ অভিযোগ.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

জোৰ আছেই। পিন্ধেও তেনেকৈয়ে। দূৰ-দূৰণিলৈ ফুৰিবলৈ যাওঁতে বা যি কোনো সমাবেশত লগ পালে আনি সাজ-পোচাক চায়েই অনুমান কিয় চিনিয়েই পাওঁ কোন গৰাকী মহিলা কোন প্ৰদেশৰ বা ৰাজ্যৰ। পুৰুষসকলৰো জাতীয় সাজ-পোচাক আছে, যদিও - সেইমতে পিন্ধি গ'লেও আমাৰ বিশেষ চকুত নপৰে। সকলোৰে চকু মহিলাৰ সাজপাৰৰ প্ৰতিহে। মহিলাগৰাকীৰ সাজপাৰ চায়েই লগত থকা পুৰুষজনকো বুজি পাওঁ তেওঁলোকনো কোন ৰাজ্যৰ। ভাষা শুনিলে তো ভাষাৰ পৰাই বুজিব পাৰি।

 আমি অসমীয়া মহিলা ( ছোৱালী?) কিছুমানে কিন্তু সময়ে সময়ে আমি অসমীয়া বুলি কৈ থাকিব লাগিব। নহ'লে আমাক চিনি পোৱা বৰ সহজ নহয়। তাতে যদি ইংৰাজী সলসলীয়াকে ক'ব পাৰোঁ, অসমীয়া ক’বলৈ যাম কিহৰ দুখত? কিমা—ন যে ভাল লাগে ষ্টাইলত সুৰ টানি ইংৰাজী কৈ? (কেতিয়াবা তো আচল ইংৰাজী শব্দটো কি আছিল বুজিবলৈ কাৰো সাধ্য নাথাকে।) ওচৰে পাজৰে শুনি থকা মানুহবোৰে বৰ সন্ত্ৰমেৰে চাই থকা যেন লাগে। খুব স্মাৰ্ট লাগে নিজকে। ইয়াৰ পিচতো অসমীয়া মেখেলা চাদৰ? বৰ ‘অড্’ লাগে। খোজ কাঢ়িব নোৱাৰিম যেনও লাগে নেকি!আমাৰ নিজৰ ‘মেখেলা-চাদৰ’ বোলা সাজ এজোৰ আছে - থাকক। মিউজিয়ামত থৈ দি দেখুৱালেই হয়! পিন্ধিবই যে লাগে কি মানে আছে শাৰীখন সৰ্বভাৰতীয় বুলি কৈ পিন্ধি থাকিলে অলপ নিজকে কিবা উচ্চ উচ্চ লাগে। এগৰাকী মহিলাক স্বামীজনে ক'লে - ‘শাৰীখন পিন্ধা যে নিজৰ সাজ মেখেলা-চাদৰজোৰ পিন্ধিলে কি হয়? পত্নীয়ে ক'লে—‘ইহ্, মেখেলা-চাদৰ পিন্ধিলে ইমান বয়স হোৱা যেন দেখি! মোক সকলোৱে কয় শাৰী পিন্ধিলে বোলে মোৰ বয়স দহ বছৰ মান কম যেন লাগে।’ স্বামীয়ে সুধিলে - তোমাৰ বাৰু বয়স, কিমান?' উত্তৰ আহিল, ‘ত্ৰিশ’। স্বামীয়ে লগে লগে ক'লে : ‘এয়াতো শাৰী পিন্ধি আছা

(১২)