পৃষ্ঠা:ঈশ্বৰলৈ অভিযোগ.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দুখৰ কাৰণ (বেক গ্ৰাউণ্ডত হ‘লেও) এগৰাকী তিৰোতাই কিয় হয় বাৰু? আচলতে ঈৰ্ষা আৰু প্ৰশংসাত আত্মহাৰা হোৱা নাৰীকে পুৰুযে অস্ত্ৰ হিচাবে ব্যৱহাৰ কৰে। সেই সকল নাৰীয়ে বৃজি নাপায় যে স্বাৰ্থপৰ পুৰুষসকলে তোষামোদেৰে দিয়া উপহাৰ- খিনিত অপমানহে থাকে বুলি।

 বৈদিক যুগত নাৰী ন’হলে কিন্তু যাগ-যজ্ঞই নহৈছিল। সেই সময়ৰ নাৰীৰ আসন এতিয়াৰ ‘লেডিজ প্ৰিফাৰেন্সত’কৈ বহুত ওপৰত। আমি এতিয়া পুৰুষৰ সমানলৈ বুলি পিছলৈহে জপিয়াইছোঁ নেকি বাৰু?

 

অসমীয়া হ'লো বুলি

 

 আমাৰচোন ঢে’ৰ পানীমিঠৈৰ দৰে সাঁথৰ আছে। উত্তৰবোৰো ইমান উজু। যেনে – কোন দেশত নিজৰ ভাষাকে ৰাজ্যভাষা হ'বলৈ আন্দোলন কৰিব লাগে? উত্তৰ অসমত। কোন দেশত নিজৰ তেলৰ শোধনাগাৰ নিজৰ ঠাইত হ'ব লাগে বুলি আন্দোলন কৰিব লাগে? উত্তৰ - অসমত। কোন দেশত এখন নদীৰ এখন দলঙৰ বাবেই বহুদিন ধৰি চিঞৰি চিঞৰি আন্দোলন কৰিব লাগে? উত্তৰ— অসমত। গৃহস্থক খেদি আলহী বৰ ঘৰৰ বৰপীৰাত বহে? উত্তৰ-অসমত। কোন দেশৰ বিধায়ক মন্ত্ৰীসকলে নিজৰ দেশৰ মানুহৰ কথাৰ বাহিৰে বাকী সকলো কথাই ভাবে? উত্তৰ —অসমত। আৰু এটা সাঁথৰ, কোন দেশত মহিলাৰ জাতীয় সাজপাৰজোৰ লৈ নিজৰ ভিতৰতে তৰ্ক বিতৰ্ক হয়? ইয়াৰো উত্তৰ — অসমত অসমীয়া মহিলাৰ।

 সকলো ৰাজ্যৰ মহিলাৰে নিজস্ব জাতীয় সাজ-পোচাক একো

(১১)