পৃষ্ঠা:ঈশ্বৰলৈ অভিযোগ.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দৰে লগা এজন সৰু ল'ৰা— যাৰ লগত হয়তো কেতিয়াবা আপুনি সময় কটাবলৈ বুলি কথা পাতিছিল, চে‘চ খেলিছিল। তেতিয়া অপোনাৰ কেনেকুৱা লাগিব কওকচোন? অসহায় যেন নালাগিব? ক'ৰবাত, এটা নিৰ্ভৰ আশ্ৰয় বিচাৰি যাম যেন নালাগিব?

 যি সময়ত মহিলা সমিতিত, কেইগৰাকীমান উচ্চ শিক্ষিতা সমাজৰ মুধা-ফুটা মহিলাই প্ৰস্তাৱ গ্ৰহণ কৰিলে তেওঁলোকে তেওঁলোকৰ নামৰ কেয়াৰ অব্ত স্বামীৰ নাম নিলিখে। তেওঁ লোকৰ চিঠি খোদ্ তেওঁলোকৰ নামতে আহিব— কাৰো কেয়াৰ অব্’ত নহয়। ঠিক সেই সময়তো কোনোবা এগৰাকী মহিলাই স্বামীৰ উৎপীড়ণত জৰ্জৰিত হৈ কান্দি কান্দি ঘৰৰপৰা ওলাই আহি মহিলা-সমিতিৰ শিবিৰত উপস্থিত হৈছে। কোনোবা উচ্চ শিক্ষিতা পত্নীয়েও আকউ অবাটে যোৱা স্বামীক হাজাৰ চেষ্টাৰেও ঘূৰাই আনিব নোৱাৰি অসহায় ভাবে কেৰাচিন ঢালি নিজকে জ্বলাই দিছে। শিক্ষিতা মহিলাই হওক বা অশিক্ষিতা তিৰোতাই হওক জীৱনৰ শিক্ষা কিন্তু দুয়োৰো একেই। মাথো পদ্ধতিটো বেলেগ ধৰণৰ।

 ‘বহু পাপৰ ফলত নাৰী জনম ললো’ বুলি প্ৰায়েই তিৰোতা- সকলে দুখত পৰিলে আক্ষেপ কৰে। ল'ৰা-ছোৱালী মাকৰ যত্নত ভাল হ‘লেও প্ৰায়ে দেউতাকৰ নামৰ চিনাকি দি দেউতাকৰ গুণ- গান কৰাহে দেখা যায়। দেউতাকেও আনন্দেৰে গৌৰৱৰ ভাগ অকলেই লয়। কিন্তু কেনেবাকৈ বেয়া হ'লে মাকৰ গাত হে দোষতো পৰেগৈ। দেউতাকেও তাকে ক'বলৈ ভালপায়।

 কিন্তু পুৰুষসকল স্বাৰ্থপৰ হ'লেও তিৰোতাৰ সকলো আলৈ - আথানি দুখ - দুৰ্দশাৰ গুড়িত এগৰাকী তিৰোতাই সদায় জড়িত থাকে। তেওঁ কোনোবা এজন পুৰুষৰ ( ভাই-ককাই-স্বামী-পিতৃ) বায়েকেই হওক, ভনীয়েকেই হওক, মাকেই হওক, পত্নীয়েই হওক,নবৌৱেকেই হওক বা কোনোবা প্ৰেমিকাই হওক। তিৰোতাৰ

(১০)