যেন লাগিছে, দোষ কৰা যেন লাগিছে। হয়তো ‘খুব সুখী হ’ম’ বুলি ভবা ছোৱালীজনীৰ স্বামীৰ বিপৰীত চৰিত্ৰ - অলপ পলমকৈ ধৰা পৰাত অসহায় নিৰূপায় যেন লাগিছে। আকৌ কাৰোবাৰ সদায় নিৰাপদ আশ্ৰয়ৰ কথা ভাবিব লগা হৈছে। ভাল নলগা স্বামীক ডাইভোৰ্চ কৰি এৰি অহা গৰাকীয়েও হয়তো সমাজৰ কটু সমালোচনাৰ কাৰণ হৈ পৰিছে। পদুম পাতৰ পানীৰ দৰে স্বামীৰ গোটেই খিনি দোষ বাগৰি আহি অকল মহিলা গৰাকীৰ গাতেই পৰিছে। হাজাৰ চেষ্টা কৰিও, নিজক স্মাৰ্ট দেখুৱাইও কাণত পৰা নপৰাকে পৰা সমালোচনা শুনি শুনি একোটা মুহূৰ্তত দুৰ্বল অনুভৱ কৰিছে। অসহায় হৈ কান্দি পেলাইছে। আৰু দেখি শুনি তিক্ততা বঢ়াই নলওঁ বুলি ভাবী চিৰকুমাৰী হৈ থাকিব খোজা গৰাকীৰ? প্ৰথমে প্ৰশ্ন হ’ব ‘দৰা’ কিয় নাপালে ( ছোৱালীয়ে নিজ ইচ্ছাতে নকৰালে বুলি কোনেও নকয় )। কিবা কলঙ্কিত অতীত আছিল নেকি? নাছিল যদিও ওলাব। ওলাব বহুধৰণৰ মনে সজা গল্প। ইজনীৰপৰা সিজনীৰ মুখ বাগৰি বাগৰি গোটেই সমাজখনতে। বাহিৰৰ ফুচ্ ফুচোৱা ৰটনাক জোৰ কৰি ঠেলি বাৰু নিজক ঘৰৰ ভিতৰতে ব্যস্ত ৰাখিবলৈ বিচাৰিলে তাতো জানে সুখ আছে? দেখিব, আপোনাৰ নিজৰ নবৌৱেকেই প্ৰতিবেশীক ক’বলৈ আৰম্ভ কৰি দিছে - ‘মোৰ ননদ আচলতে মোতকৈ যথেষ্ট ডাঙৰ। বিয়া-চিয়া ঠিক হোৱা নাই, মানে আগতে এজনৰ লগত ভাল আছিল নহয়! নকৰালে ছাগে মানুহজনে। দাদাকে মানে আমাৰ এখেতে এঠাইত ঠিক কৰিছিল— পিছে নহ'লগৈ আৰু। ঘৰৰ কথা কব নাপায় তথাপি আপোনাক- হে কৈছোঁ -- যাৰে তাৰে লগত হ‘লি গলি কৰি থাকিলে কোনেনো কৰাব আৰু? ‘কাৰ লগতনো' বুলি সোধা শেষ হওঁতে নহওঁতেই উত্তৰ আহিছে, ‘কিয়, সেই যে ল’ৰাজন, অমুক
যে? আপুনিও দেখিছেই ছাগে — বেয়া পায় বুলি নকওঁ আৰু। যেতিয়া দেখিব অমুক বোলা জন আপোনাৰ চুবুৰীৰে ভাইৰ
(৯)