আকৌ তো বিয়া কৰাব পাৰেই ইচ্ছামতে। কিন্তু তিৰোতাৰ স্বামীৰ মুখ দৰ্শন নহওঁতেও যদি বিধবা হয়, তেওঁ গোটেই জীৱন-যৌৱন, আশা-আকাঙ্খাক বগা সাজৰ মাজত চেপি খুন্দি শেষ কৰি দিব লাগিব। তেওঁ হাঁহি মাতি কথা কোৱাও বাধা। জীয়াই থাকিব খোজাটাও যেন পাপহে (সতীদাহ ঠায়ে ঠায়ে এতিয়াও আছে )। তদুপৰি আপোন পৰিজন, ওচৰ-চুবুৰীয়াৰ বিয়া সবাহলৈ গ'লেও সধৱাসকলৰ মাজত স্থান নাই। বিয়াৰ ‘কইনাক’ স্পৰ্শ কৰিলে যেন তেওঁৰ জীৱনৰ দুৰ্ভাগ্যখিনি কইনা- জনীৰ জীৱনলৈ সংক্ৰামিত হ'ব — এনে ধাৰণা। কি বিচাৰ মানুহৰ! কি বিবেচনা!! এই সকলোবোৰ স্বাৰ্থপৰ পুৰুষসকলৰ নিজৰ বাট মুকলিকৈ ৰাখি কৰা আইন। য’ত পুৰুষৰ জাত্যান্তৰ নাই, ⸺ পুৰুষৰ বাবে সকলো সম্ভৱ, সকলো মঙ্গলময়।
এতিয়া অৱশ্যে সলনি হৈছে দিন কাল। পৰিৱৰ্তন হৈছে ছোৱালীৰ তথা নাৰীৰ জীৱন। এই যুগৰ প্ৰগতিত পুৰুষৰ সমানে সমানে মহিলাই খোজ দিছে , প্ৰতিযোগিতাত নামিছে ( সমান হ’বলৈ গৈ চিটি বাছৰ মহিলাৰ আসন উঠাই দিওঁতে যদিও কিছুমান মহিলাৰ পানীত হাঁহ নচৰা অৱস্থা হৈছিল)। ছোৱালী উকীল হৈছে, ডাক্তৰ হৈছে, ইঞ্জিনীয়াৰ হৈছে। নিজ ইচ্ছাতে বিয়া কৰাব পৰাৰ স্বাধীনতা পাইছে। ভাল নলগা স্বামীক এৰি আহিব পৰা ক্ষমতা পাইছে। আৰু পাইছে ইচ্ছা নাথাকিলে বিয়া নকৰাই চিৰ-কুমাৰী হৈ থকাৰ সাহস।
কিন্তু তথাপি আমি জানো সঁচাকৈয়ে সকলো উলাই কৰি চলিব পাৰিছোঁ? নিজকে একেবাৰে অৱলা বা অসহায়া নহয় বুলি ক'ব পৰা হৈছো? ডাক্তৰ - ইঞ্জিনীয়াৰ হোৱা ছোৱালীৰো জীৱনলৈ একোটা মুহূৰ্ত আহিছে - নিজকে অসহায় অসহায় লগাৰ। দুখ দুৰ্বল লগাৰ। এটা নিৰাপত্তাৰ, অৱলম্বনৰ প্ৰয়োজনৰ মুহূৰ্ত। নিজ ইচ্ছামতে বিয়া কৰি ‘কালৈকো পৰোৱা নকৰোঁ’ বুলি ভবা ছোৱালীজনীৰো হয়তো কেতিয়াবা ভুল কৰা
(৮)