পৃষ্ঠা:ঈশ্বৰলৈ অভিযোগ.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তুলিবৰ সময়ত তেওঁক এজোৰ মেখেলা-চাদৰ আৰু এটা বেছ আহল-বহল লেইচ লগোৱা ব্লাউজ পিন্ধাই দিয়া হৈছিল। ভৰিত আক’ জোতা-মোজা। সেই সময়ৰ লেটেষ্ট ষ্টাইলৰ ফটো। ফটোখন অনাৰ পিচত দেখা গ’ল কাপোৰজোৰ, আঠুলৈকেহে আছে। তলৰ খিনি আঁচলটোৰে চপাই - কোঁচাই তেওঁ দুহাতেৰে সাৱটি ধৰি আছে। বোধকৰো কাপোৰৰ ভাৰসাম্যতা ৰক্ষা কৰিব নোৱাৰিয়েই। বিয়া আঠ বছৰত হৈ গ'ল। আৰু সেই আঠ বছৰীয়া ছোৱালীজনী এদিন গৈ শহুৰৰ ঘৰৰ ৰান্ধনী ঘৰত সোমাল। শাহুৰ তত্বাৱধানত টোপনিয়াই টোপনিয়াই কাম কৰিলে। সেইদৰে জীৱন আৰম্ভ হৈ গ'ল। যিটো বয়সত ফুল-পখিলাৰ গোপন কথা বুজিব পাৰিলে, পৃথিবীখন ফুলাম ফুলাম, লগা হ'ল। চৰাইৰ মাতবোৰ গান, গান লগা হ'ল, জীৱনলৈ অহা ফাগুনৰ বা-ত মনৰ পাতবোৰ খিলা খিলাকৈ উৰুৱাই দিবৰ মন গ'ল, সেই সময়ত তেওঁ বন্দী সঁজাৰ পখী। কোলাত তিনি চাৰিটা কেচুঁৱাৰে তেওঁ এতিয়া এগৰাকী পুৰঠ ব্যস্ত গৃহিণী— মাতৃ। সুখ-দুখৰ অভিজ্ঞতা মিহলি হাঁহিৰে তেওঁ ক'লে —‘তেতিয়া আমি স্বামী, কেনেকুৱা আছিল, মোৰ নো কেনে লাগে স্বামীক -একো নাজানো। একো নাভাবোঁ। মাথো জানো স্বামী স্বামীয়েই। জীৱনটো শেষ হৈ অহা সময়তহে ভাবিছোঁ — জীৱন জানো মোৰ আৰম্ভ হৈছিল।’

 কোনে জানো নিয়ম উলিয়াইছিল পুৰুষে বাহি ঘৰত ভৰি দিলে আয়ুস ক্ষয় যায়। সেয়ে তিৰুতাই, দোকমোকালিতে উঠি ঘৰ-দুৱাৰ, চোতাল পদূলি, সাৰি-মুছি পৱিত্ৰ কৰি ৰাখিব লাগে — যাতে পুৰুষসকলে শুই উঠি নিকা মাটিত ভৰি দিয়ে। কিন্তু তিৰোতাৰ আয়ুসৰ বাবে কোন ভাবে? তেওঁলোকে বাহি ঘৰত বাহি বন কৰি, জীৱনটো শেষ কৰি দিয়ে। পুৰুষৰ ক্ষতি একো নহয়। পত্নীগৰাকী ঢুকালে স্বামীজনৰ বোলে ব্ৰত-কৰ্মও একো

নাথাকে (যেন তেওঁৰ স্বামী ৰ'লটো সিমানতে শেষ হ’ল )।

(৭)