এইবোৰ ধুনীয়াকৈ ঢাকি ৰাখিবলৈ বৃথা চেষ্টা কৰাও চকুত পৰে। এইদৰে আনৰ চকুক ফাঁকি দি ‘সুখী পৰিয়াল’ হৈ দেখুৱাব পাৰি। কিন্তু নিজক? আচলতে বিয়াৰ আগতে সকলোৱে সপোন দেখে। . বিয়াৰ পিচতহে সাৰ পায়। এষাৰি কথা হ’লে চিৰ শ্বাশ্বতঃ ‘সজ ঘৈণী পাবলৈ হ'লে সজ জীয়ৰী আনিবা।’
‘তথাপি যোজকস্তত্ৰ দুৰ্লভঃ' যদিও গুণেহে সংসাৰ তৰে বুলি ক'ব নোৱাৰে— যেনেকৈ কব নোৱাৰে: ৰূপে কি কৰে?' বুলি।
আমি ছোৱালীবোৰ
সঁচাকৈয়ে অৱলা। সঁচাকৈয়ে অসহায়া। আইতাহঁতৰ দিনত বিয়া হৈছিল আঠ-ন বছৰ বয়সত। ল’ৰাবোৰৰ বয়সো অৱশ্যে বৰ বেছি নাছিল। কিন্তু ল’ৰাৰ বয়স বেছি হ'লেও চিন্তাৰ বিষয় নাছিল। চিন্তা হৈছিল ছোৱালীবোৰৰ বয়স হ'লেহে। ছোৱালীৰ দেউতাক-মাকে ছোৱালীৰ বাৰ বছৰ হোৱাৰ আগতেই যেনে তেনে হাজাৰ কষ্ট কৰি, গাঁঠিৰ ধন ভাঙি এজন ‘দৰা বিচাৰি উলিয়াব লাগিছিল - জাত-কুল ঠিক ৰাখি। তাকে কৰিবলৈ যাওঁতে ‘বৃদ্ধস্য তৰুণী ভাৰ্যাও হৈছিল। কিছুমান ছোৱালীয়ে আক’ সতিনীগিৰি কৰিব লগা হৈছিল। মুঠতে ‘ঘৈণীয়েক’ কৰাৰ বাহিৰে যেন ছোৱালীৰ অন্য গতি নাই।
সেই কোমল বয়সৰপৰাই ছোৱালীজনীৰ জীৱন ঘৰৰ চাৰি বেৰৰ মাজতেই আৱদ্ধ হৈ থাকিব লাগিছিল। মোক এগৰাকী বৃদ্ধা মহিলাই কৈছিল – তেখেতৰ বোলে আঠ বছৰ বয়সত বিয়া হৈছিল। বিয়া ঠিক কৰিছিল মানে দৰা বিচৰা কাম আৰম্ভ হৈছিল তেখেতৰ ছবছৰ মানৰ পৰাই। সেই সময়তে দৰাক দেখুৱাবলৈ বুলি তেওঁৰ এখন ফটোৰ আৱশ্যক হৈছিল। ফটোখন
(৬)