পৃষ্ঠা:ঈশ্বৰলৈ অভিযোগ.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তো নাই! আগৰ দিনত এনেকুৱা তিৰুতাকে ‘থুপৰি’ বুলি কয়। অলপ আচৰিত হৈয়েই ক'লো: কিয়, খুব তো ভাল ৰন্ধা- বঢ়া কৰে। বিশেষকৈ ‘পাই' খিনি যে কৰে ....। শাহুগৰাকীৰ কপালখনৰ সিৰ কেইডাল থুপ খালে। মুখখন বিকটাই ক'লে, সেই ‘পাই’কে ৰান্ধক বা পয়ছাকে ৰান্ধক, আমাৰ পিঠা- পনাৰ জোৰ নাপায়গৈ বুইছা। সেই কেক, পুডিং, বেচ ৰ’ল সোপাত কণী, মাখন, চেৰী, খিচ্ মিচ্, চিজ যতমানে দামী দামী ভাল বস্তুবোৰ দিলে সেইকণ ভাল নহৈ পাৰে নে? কিতাপ চাই চাই ৰন্ধা সেইবোৰ জিভাত দিলেই পমি যোৱা বস্তুতকৈ আমাৰ জুতি লগা লফা শাকৰ আঞ্জাখন, কচু শাকৰ জালুকী- য়াখন,মাটি মাহৰ খাৰখন, সুতুলী পিঠা, ফেণী পিঠা, ঘিলা পিঠাবোৰ একো দামী বস্তু নিদিয়াকৈয়ে কিমান উপাদেয় হয়, নহয় নে বাৰু?

 গুণ আছে। গুণৰ মোল বুজা মানুহো আছে। জোৰাই জোখাই পৰাহে নাই। স্বামীসকলৰ বাবেও তেনেকৈ ৰুচিবোধ বেলেগ বেলেগ হ'লে, টেম্পাৰমেন্ট বেলেগ বেলেগ হলে গুণী গৰাকীও অগুণী হৈ যায়। আচলতে সকলো ধৰণৰ গুণ থকা ছোৱালীয়েই আছে। যোজকস্তত্ৰ দুৰ্ল্লভঃ।

 আজিকালিৰ বেছি সংখ্যক মানুহেই যেন সৌন্দৰ্য সচেতন। ‘এ থিং অব্ বিউটি ইজ জয় ফৰ এ'ভাৰ' বুলি ডেকাসকলক দেখা যায় তেওঁলোকে ছোৱালীৰ চৰিত্ৰ - স্বভাৱ আৰু সং গুণখিনিতকৈ সৌন্দৰ্য, বাহ্যিক আড়ম্বৰতা আৰু আৰ্থিক লাভালাভ লৈহে বেছি চকু দিয়ে। অৱশ্যে এই বাহ্যিক ৰূপ সৌন্দৰ্যৰ উৰ্দ্ধত ভাবিব নোৱাৰা তৰল মনৰ গৰাকীসকলক ‘সৌন্দৰ্য সৰ্বস্ব' অপৰূপাসকলক আনি পিচত ঘৰত অশান্তিৰ সৃষ্টি হোৱাও দেখা যায়। ‘মই বৰ’, ‘হান বৰা’ ভবা ঘৰখনত কোনেও কাকো মানিবলৈ নিবিচাৰে। ফলত ঘৰ গুছি বাঁহতল হোৱাও দেখা যায়। অৱশ্যে বাহ্য়িক আড়ম্বৰতাৰে আধুনিক কৌশলেৰে

(৫)