গ্ৰহণ কৰে। তেঁওৰ পিতাক জগন্নাথ মিশ্ৰ নিমাই
( চৈতন্যদেবৰ নাম নিমাই) সৰুকালতে মৃত্যু হয়,
শিক্ষা, পালন সকলো ভাৰ তেঁওৰ নাকৰ ওপৰত
পৰিল। শচীদেবা অতি কোমল প্ৰকৃতিৰ ধাৰ্ম্মিকা
তিৰুতা আছিল। নদীয়া জিলাৰ সকলোৰে তেঁও
পূজনীয়া আছিল, আৰু সকলোৱে তেঁওক মাকৰ
নিচিনা দেখিছিল আৰু “শচীমাই” বুলি মাতি-
ছিল। তেওঁৰ ডাঙ্গৰ লৰাটী যৌবনতে সন্ন্যাসী হৈ
যায়। আঠজনী ছোৱালীৰ পাছত এই নিমাইৰ
জন্ম। ছোৱালীকেটীৰ সৰুতে মৃত্যু হয়। নিমাই
কমান আদৰৰ আৰু যতনৰ ধন হল তাক বুজিবই
পৰা যায়। সন্তান শাসন আৰু পালন বৰ গুৰুতৰ
কাম, প্ৰায় দেখা যায় এনে আদৰৰ লৰাবিলাক
কুপথলৈ যায়। শচীদেবীয়ে দহটী সন্তানক বিসৰ্জ্জন
দি স্বামীক হেৰুৱাই এই সন্তানটীৰ সকলো ভাৰ
নিজৰ স্কন্ধত লব লগীয়াত পৰিল। নিমাই চঞ্চল,
তেওৰ মন হৰিপ্ৰেমত ডুবিল। হৰিপ্ৰেমত মুগ্ধ হৈ
চৈতন্য হৰিসঙ্কীৰ্ত্তন কৰি ফুৰে, শচীদেবীয়ে চাকি
এটী জ্বলাই ভগবানৰ চৰণত পুত্ৰৰ মঙ্গল কামনা
কৰি ৰাতি দুয়াৰমুখেতে বহি থাকে। চৈতন্যই আহি