সমললৈ যাওক

পৃষ্ঠা:আৰ্হি তিৰোতা.pdf/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৪
আৰ্হি তিৰুতা।

জয়মতীক স্মৰণ নকৰি নোৱাৰে। আসাম দেশও এই সতীৰ নিমিত্তে চিৰদিন গৌৰবান্বিত হৈ থাকিব।


শচী আই

 আমাৰ আসাম দেশত মহাপুৰুষ শঙ্কৰদেব যেনে ধৰ্ম্মসাধন আৰু ধৰ্ম্মপ্ৰচাৰ কৰি চিৰস্মৰণীয় হৈছে, বঙ্গদেশতো তেঁওৰে নিচিনা এজন ধৰ্ম্ম প্ৰচাৰক মহাপুৰুষ জন্মগ্ৰহণ কৰি বঙ্গলা, উড়িষ্যা প্ৰভৃতি ঠাই প্ৰেম প্লাবনেৰে বুৰাইছিল। তেঁওৰ নাম চৈতন্যদেব। আজি পৰ্যন্ত চৈতন্যদেবৰ নাম বঙ্গদেশৰ ঘৰে ঘৰে আৰু উড়িষ্যাৰ ঠাইয়ে ঠাইয়ে কীৰ্ত্তনহৈ থাকে। দেখা যায় যিবিলাক মহাপুৰুষ পৃথিবীত চিৰস্মৰণীয় হৈছে সকলোৱেই মাতৃৰ সদ্‌গুণ আৰু সৎ শিক্ষাৰ ফলত। এই মহাপুৰুষও মাতৃদেবী “শচীৰ” ধৰ্ম্ম আৰু সদ্‌গুণৰ ফল। শচীদেবীৰ চৰিত্ৰৰ দৃঢ়তা, উদাৰতা, আৰু কোমলতা দেখি তাকে বুজা যায়। ধৰ্ম্ম চৰিত্ৰ, বিদ্য়া, সকলো বিষয় শিক্ষাৰ স্থল মাতৃদেবী। চৈতন্যদেব বঙ্গদেশৰ “নদীয়া” নামেৰে এখন গাঁওত জন্ম-

 
আৰ্হি তিৰুতা আৰু অন্যান্য ৰচনা॥ ৯২