“মা” বুলি মাতিলে দুয়াৰ মেলিদি মুখত চুমা খায় লৰাক ঘৰৰ ভিতৰলৈ নি ঈশ্বৰৰ নাম কৰি সৰু লৰাৰ দৰে বহি বহি খুৱাই। হৰিপ্ৰেমৰ কথা মাক পুতেক দুয়ো আলাপ কৰি কৰি শুই পৰে। নিমায়ে কীৰ্ত্তন কৰি প্ৰেমত উন্মত্ত হৈ মাটীত বাগৰে, আছাৰ খায় পৰে, মাতৃদেবীয়ে সঙ্কোচমনেৰে চাই আনন্দ আৰু ভাবত চকুৰ পাণী টোকে। ৰাতিপুৱা গঙ্গাস্নানলৈ যাবৰ সময় বোয়াৰীয়েকক শুধি যায় নিমাই কেনে আছে, ৰাতি টোপনি আহিছিলনে নাই। গঙ্গাস্নান কৰি আহি নিমাইৰ টোপনি নাভাঙ্গিলে মুখত হাত ফুৰাই সস্নেহে উঠাই দিয়ে, কেতিয়াবাবা নিমাইয়ে মূৰটী মাকৰ কোলাত ৰাখি স্বপনৰ কথা কয় এনেকৈ সৰু লৰাটীৰ দৰে নিমাইক ডাঙ্গৰ কৰে। বয়সৰ লগে লগে ক্ৰমে ক্ৰমে নিমাইৰ অন্তৰ ঈশ্বৰপ্ৰেমত ডুবিল, সংসাৰৰ অসাৰতা মনক বিয়াকুল কৰিবলৈ ধৰিলে। হৰিনাম মুখত আনিলে কেতিয়াবাবা চকুৰ পাণীৰে বুকু বুৰাই দিয়ে, কেতিয়াবাবা নাম আৰু উচ্চাৰণ কৰিবই নোৱাৰে নিস্তব্ধভাবে বহি থাকে। এনে ভাব দেখি নিমায়ে সংসাৰ ত্যাগ কৰি যাব বুলি শচীদেবী আশঙ্কিত হল। নবদ্বীপতো জনৰব উঠিল
পৃষ্ঠা:আৰ্হি তিৰোতা.pdf/৬২
অৱয়ব