যাবলৈ অনুনয় বিনয় কৰিলে। গদাপাণিয়ে সেই
কথাত কাণ নাপাতিলে। জয়মতীয়ে কাকূতি কৰি
হাত জুৰি কলে “তুমিয়েই মোৰ ঈশ্বৰ, তোমাৰ বীৰ
হৃদয়ত ভয় নাই সঁচা কিন্তু তোমাক ধৰি নিলে বা
বধ কৰিলে মই এই সৰু লৰা দুটী লৈ কি কৰিম
তোমাৰ জীৱনৰ মূল্য আছে, তুমি অইন ঠাইত
সম্প্ৰতি থাকাগৈ পাছত ঈশ্বৰৰ কৰুণা হলে আকৌ
আহি ৰাজত্ব কৰিব৷”। কোৱঁৰে ভাৰ্য্যাৰ কাকূতি
অগ্ৰাহ্য কৰিব নোৱাৰিলে। তেঁও নগাপৰ্ব্বতলৈ
ছদ্মবেশ ধৰি পলাই গল। পলাবৰ পাছতে লবা
ৰজাই গদাপাণিক ধৰি আনিবলৈ সৈন্য সামন্ত
পঠালে। এই সৈন্যবিলাকে উভতি গৈ তেঁওৰ পলোয়া
বাৰ্ত্তা ৰজাক জনালে। ৰজাই এই কথা শুনি আৰু
ভয় খালে আৰু বিপদৰ সম্ভাৱনা চকুৰ আগতে যেন
দেখিলে। তেওঁ জয়মতী কুঁৱৰীক গদাপাণিৰ বাতৰি
শুধি দূত পঠালে, কিন্তু জয়মতীয়ে একোয়ে নকলে,
আৰু দূতৰ মুখে কৈ পঠালে যে গদাপাণিৰ সন্ধান
তেঁও গদাপাণিৰ ভাৰ্য্যাৰ পৰা নাপাব। লৰা ৰজাই
দূতৰ মুখত এই কথা শুনি খঙ্গত জ্বলি উঠিল আৰু
জয়মতীক বন্দী কৰি ধৰি নিবলৈ আজ্ঞা দিলে।