খুৱাই মাৰিপেলায়। কেই বছৰমান ৰাজ্যত বৰ
অৰাজকতা হয়। পাছত মন্ত্ৰী সকলে চামুগুৰী ৰাজ-
বংশৰ চুলিক্ফা নামেৰে এজনক ৰাজ সিংহাসনত
ৰহুয়াই৷ এওঁ অলপ বয়সৰ আছিল দেখি “লৰা-
ৰজা’ নাম পাইছিল। এওঁৰ বৰ তীক্ষ্ণ বুদ্ধি আছিল
কিন্তু শৰীৰ দুৰ্ব্বল ও ক্ষীণ আছিল। তেঁও সিংহা-
সনত বহিয়েই বুজ পালে যে মন্ত্ৰী বিলাকৰ মতিগতি
ভাল নহয়, সুবিধা পালেই অইন ৰাজকুমাৰক আনি
ৰজা পাতিব আৰু তেঁওক কৌশলেৰে বধ কৰিব।
এই ভাবি লৰা ৰজাই যত্ যত্ ৰাজকুমাৰ আছিল
সেই সকলক গুপ্তভাবে বধ কৰাবলৈ ধৰিলে। সেই
সময়ত তুঙ্গখুঙ্গীয়া বংশৰ গোবৰ ৰজাৰ গদাপাণি
নামে এজন ৰাজকুমাৰ আছিল। এওঁ অতি বলিষ্ঠ
আছিল। লৰা-ৰজাৰ এওঁক বধ কৰিবৰ হুকুম হল।
কিন্তু মানুহ বিলাকে এই কাম অতি সহজ বুলি
নাভাবিলে। এই গদাপাণি ৰজাৰ ৰাণীয়েই আমাৰ
জয়মতী কুঁৱৰী। এওঁ বিলাকৰ কাণলৈকো এই
কথা গল। কোৱঁৰে ভয় নেথালে কিন্তু কুৱঁৰীৰ
আশঙ্কা হল। গদাপাণিৰ প্ৰাণ ৰক্ষাৰ নিমিত্তে জয়-
মতীয়ে তেঁওক ৰাজ্যৰ পৰা ছদ্মবেশ ধৰি পলাই
৪