ৰজাৰ হুকুম পায় সৈন্যবিলাকে জয়মতী কুৱৰীক
ৰজাৰ ওচৰলৈ বন্দী কৰি ধৰি নিলে। ৰজাই কলে
“যদি তুমি তোমাৰ গিৰীয়া ক’ত লুকাই আছে
নোকোৱা, বেতৰে মাৰি মাৰি তোমাৰ প্ৰাণ বধ
কৰিম”। কুঁৱৰীয়ে অতি গৰ্ব্বৰে কলে “মুই পূৰ্ব্বেই
কৈছে৷ যে মোৰ দ্বাৰাই মোৰ স্বামীৰ বাৰ্ত্তা আপোনা-
লোকে নাপায় আৰু নুশুধিব, মোক বন্দী কৰি
আনিছে মোৰ প্ৰাণ আপোনাৰ হাতত, মাৰিব পাৰে
মই প্ৰাণ দিবলৈ প্ৰস্তুত আছো, কিন্তু মোৰ পৰা
বাৰ্ত্তা উলিয়াব নোৱাৰে।” ৰজাই খঙ্গত জ্বলি উঠিল,
কি কৰিব ঠিক কৰিব নোৱাৰি মন্ত্ৰীক কলে
“জয়মতীক লৈ গৈ, সকলোৱে দেখাকৈ মুকলি
পথাৰত, খুটাত বান্ধি বেত মৰোৱা, একেদিনে মাৰি
বধ নকৰিবা, যিমান দিনলৈকে গদাপাণিৰ বাতৰি
নকয় তিমান দিনলৈকে মাৰি মাৰি যাতনা দিয়া।”
মন্ত্ৰীয়ে কুৱঁৰীক সেই দৰে বেত্ মৰুৱাবলৈ ধৰিলে।
ৰাজ্যৰ মানুহে আৰু বাটৰ বাটৰুৱাইও এই নিৰ্দ্দয়
দৃশ্য দেখি চকুৰ পাণী টুকি টুকি যাবলৈ ধৰিলে
আৰু ৰজাক নিন্দা কৰিবলৈ ধৰিলে। দুৰ্ব্বল ৰজাই
ভাবিলে যন্ত্ৰণা সহিব নোৱাৰি জয়মতীয়ে গদাপাণিৰ