বুলি ভাবে; সেই কয়েদীবিলাকে দেখিলে সিহঁতক ভাল পাবলৈ তিৰুতা এজন আহিছে, তেঁও মিঠা কথা কয়, ঘিণৰে নাচায়।এলিজাবেথক সিহঁতে দেবী বুলি মনত ভাবিলে। পাপী কয়েদীৰ ওচৰেদি ৰাজ-কৰ্ম্মচাৰী বিলাকেও যাবলৈ ভয় পায় কিন্তু তাৰ ভিতৰেদি সেই সৰুকালৰ ভীৰু স্বভাবা এলিজাবেথে নিৰ্ভয়ে ঘূৰি ঘূৰি ফুৰিবলৈ ধৰিলে। তেওঁ সিহঁতক দুইটী কামত মন দিয়াবৰ নিমিত্তে চেষ্টা কৰিলে, জেইলৰ কাম কৰি যিখিনি সময় অবসৰ পাইছিল সেইখিনি সময় কাজিয়া নকৰি এটা কাম হাতত লৈ কৰা আৰু দ্বিতীয়টী ভাল ভাল কিতাপ বা ধৰ্ম্মৰ বিষয় কিতাপ পঢ়া। ধৰ্ম্মগ্ৰন্থ পঢ়াই জীৱনৰ উন্নতিৰ একমাত্ৰ উপায় তেওঁ বিশ্বাস কৰিছিল আৰু কয়েদী বন্ধুবিলাকক তাকে কৰাবৰ যত্ন কৰিছিল। প্ৰথম প্ৰথম তেওঁক সকলোৱে হাঁহিছিল। যি দুষ্কৰ্ম্ম কৰি কয়েদী হৈছে তাক ভাল কৰিব খোজা এটা হাঁহিৰ কথা নহানে? তেওঁ কিন্তু তাত ভ্ৰূক্ষেপ নকৰিলে৷ তেওঁ ভাবিলে “এই কাম মোৰ নহয়, প্ৰভুৱে মোক দি কৰাইছে”। মনৰ সৰলতাৰ দ্বাৰাই মনক টানি আনিব পাৰি। এলিজাবেথে নিজৰ ভায়েক,
পৃষ্ঠা:আৰ্হি তিৰোতা.pdf/৫০
অৱয়ব