পৃষ্ঠা:আৰ্হি তিৰোতা.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩
এলিজাবেথ ফ্ৰাই।


তেওঁৰ সৰুকালটী এই পৰোপকাৰী মানুহৰ ভিতৰত কাটিছিল। সৰুৰে পৰা তেঁও গম্ভীৰ চিন্তাশালী নম্ৰ আছিল, বেশভূষাত তেওঁৰ মন নাছিল। বয়সৰ লগে লাগে তেওঁ নিজক “বন্ধু” সম্প্ৰদায়ৰ কৰি নিলে। তেওঁৰ জীবনৰ উদ্দেশ্য হল পৰৰ দুখ দূৰ কৰা দুৰ্দ্দশাগ্ৰস্তক উদ্ধাৰ কৰা। বিশ বছৰৰ সময়ত তেওঁৰ এই মণ্ডলীৰে এজন ভদ্ৰ “বন্ধুৰ” লগত বিয়া হল। তেওঁৰ বিবাহিত জীবন সুখৰ হৈছিল। গিৰিয়েক ঘৈণীয়েক দুইয়ো একেলগে এই পবিত্ৰ সেৱা ধৰ্ম্মত জীবন ঢালি দিলে। প্ৰথমেই কইছোঁ তেওঁৰ প্ৰাণে কয়েদী বিলাকৰ নিমিত্তে কাঁন্দিছিল। তেঁও সিহঁতৰ ভবিষ্যত জীবনৰ উন্নতিৰ নিমিত্তে দৃঢ় প্ৰতিজ্ঞ হল। জেইললৈ গৈ ফটা কাপোৰ পিন্ধা, দুৰ্ব্বল, পেট ভৰাই খাবলৈ নেপোৱা মানুহ বিলাকক যিমান দূৰ পাৰে সজ পথলৈ আনিবলৈ আৰু সিহঁতৰ দুৰ্দ্দশা দূৰ কৰিবলৈ তেওঁ চেষ্টা কৰিবলৈ ধৰিলে। তেওঁ সৰু সৰু কয়েদী বিলাকৰ নিমিত্তে এটী স্কুল পাতিলে। হতভাগ্য পাপী কয়েদীবিলাক চিৰকাল মানুহৰ ঘিণৰ বস্তু, কোনোৱে সিহঁতৰ লগত মিঠা কথা নকয়, সিহঁতৰ ফালে চালেও যেন পাপ হয়

আৰ্হি তিৰুতা আৰু অন্যান্য ৰচনা॥ ৮১