ভণীয়েকৰ দৰে এই কয়েদীবিলাকেৰে সৈতে মিলিছিল, যেতিয়া তেঁও এই হতভাগ্য বন্ধু বিলাককলৈ লাহে লাহে কোমল স্বৰেৰে বাইবেল পঢ়ি শুনাইছিল আৰু সৰল বিশ্বাসেৰে কাতৰ প্ৰাৰ্থনা কৰিছিল সিহঁতৰ প্ৰাণ কান্দি উঠিছিল, পাপত বুৰি থকা অনেক কয়েদীএ অনুতাপৰ চকুৰ পাণীৰে বুকু তিতাইছিল আৰু নিজৰ মনক পাতল কৰিছিল। এঁও যে কেবল কেই ঘণ্টা সিহঁতৰ ওচৰত থাকিয়েই নিশ্চিন্ত হৈছিল এনে নহয়; এওঁ নানা দেশৰ ডাঙ্গৰ ডাঙ্গৰ মানুহলৈ এই অনুষ্ঠানৰ কথা লেখি সাহায্য মাগিছিল আৰু সেই দেশতো এই অনুষ্ঠান কৰিবৰ নিমিত্তে অনুৰোধ কৰিছিল। নানা সভাত নিজৰ উদ্দেশ্য প্ৰকাশ কৰি বক্তৃতা দিছিল। কোনো কোনো মানুহে এই কাম অসম্ভব বুলি এৰি দিবৰ পৰামৰ্শ তেওঁক দিছিল, কোনোবাইবা তেঁওৰ মূৰৰ বিকৃতী (বলীয়া) হৈছে বুলি কৈছিল। কিন্তু তেঁও কাৰো কথালৈ কাণ নিদি নিজৰ উদ্দেশ্য পালনৰ নিমিত্তে প্ৰাণপণে চেষ্টা কৰিছিল। ভাৰতবৰ্ষৰ পৰা দ্বীপান্তৰ হোৱা কয়েদীবিলাকক যেনেকৈ আণ্ডামান দ্বীপলৈ পঠোৱা হয় সেই সময়ত ইংলণ্ডৰ অপৰাধীবিলাকক অষ্ট্ৰেলিয়াৰ