পৃষ্ঠা:আৰ্হি তিৰোতা.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬
আৰ্হি তিৰুতা৷


থাকিব তিমান দিন এই মুছলমানী তিৰুতা পূজনীয়া আৰু চিৰস্মৰণীয়া হৈ থাকিব।


মেৰী কাৰ্পেণ্টাৰ।

 ১৮০৭ খ্ৰীষ্টাব্দত মেৰী কাৰৰ্পেণ্টাৰৰ জনম হয়। এওঁৰ পিতৃদেৱ অতি দয়ালু, ধাৰ্ম্মিক পণ্ডিত আৰু উদাৰ স্বভাবৰ মানুহ আছিল। পিতাকৰ কিছু কিছু গুণ এওঁ পাইছিল। মেৰীৰ যেতিয়া দহ বছৰ বয়স তেতিয়া তেওঁৰ পিতাকে বিলাতত ব্ৰিষ্টল নামেৰে এখন চহৰৰ ভিতৰত বাৰজন লৰা লৈ এটী স্কুল পাতে। মেৰী এই স্কুলতে সেই লৰাকেটীৰ লগতে বাপেকৰ ওচৰত পঢ়িছিল আৰু অলপ দিনৰ ভিতৰতে লাটীন, গ্ৰীক প্ৰভৃতি ইউৰোপৰ পুৰণা ভাষা সকলো শিকিছিল। সৰুৰে পৰা মেৰী পৰৰ দুখত কাতৰ আছিল। পৰক সাহায্য কৰি অলপো দুখ কমাব পাৰিলে নিজক সুখী ভাবিছিল আৰু তাৰ নিমিত্তে চেষ্টাও কৰিছিল।

 বাল্যকালত সুকুমাৰমতি লৰা ছোৱালীবিলাকে

আৰ্হি তিৰুতা আৰু অন্যান্য ৰচনা॥ ৬৪