সমললৈ যাওক

পৃষ্ঠা:আৰ্হি তিৰোতা.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫
ৰাবেয়া

তেওঁ ৰাবেয়াক ক্ৰীতদাসীৰ পৰা মুক্তি কৰি দিলে আৰু স্বাধীন ভাবে থাকিবৰ নিমিত্তে বচোৰাত এটা ঘৰ কৰি দিলে। ৰাবেয়াই প্ৰাৰ্থনা কৰি পৰোপকাৰ আৰু পৰসেৱাত দিন কটাইছিল। তেওঁ পিপাসু পিতাকক এটোপা পাণী দি শেষ সময়ত পিয়াহ পলুৱাব পৰা নাই, সেই কষ্টটো কেতিয়াও পাহৰা নাছিল, সেই নিমিত্তে বোগ্দাদৰ পৰা মদিনা পৰ্য্যন্ত পিপাসু বাটৰুৱাৰ নিমিত্তে এটী খাল কাটি দিছিল। হিজৰী ১৮৫ (৮০১ খৃঃ) ৰাবেয়া পৰলোকলৈ গমন কৰে। তেওঁ ওৰেৰাতি প্ৰাৰ্থনা কৰিয়েই কটাইছিল। অপলমান পৰ মাত্ৰ শুইছিল। তেওঁৰ উপদেশ আছিল “নিঃস্বাৰ্থ আৰু নিৰ্লোভী হৈ ভগৱানক প্ৰাৰ্থনা কৰিবা। পাপ কাম কৰি যেনেকৈ মানুহে লুকায় তেনেকৈ পৰোপকাৰ আৰু সৎকাম কবি লুকোৱা উচিত।” আৰব দেশৰ জেৰুজালাম চহৰৰ এটা পৰ্ব্বতৰ ওপৰত তেওঁৰ কবৰ আজি পৰ্য্যন্ত বৰ্ত্তমান আছে। মুছলমানৰ ভিতৰত সেই ঠাই তীৰ্থ স্থান হৈছে প্ৰতি বছৰ বহুতো ভক্ত মুসলমান তালৈ যায় আৰু ৰাবেয়াই সেই ভক্ত সকলৰ পূজ৷ পায়। যিমান দিন পৃথিবী

 
আৰ্হি তিৰুতা আৰু অন্যান্য ৰচনা॥ ৬৩