ভাবে যে তেওঁলোকে পৃথিবীত চিৰদিন হাঁহি ধেমালী কৰি কটাব কিন্তু এদিন আহে যেতিয়া সংসাৰৰ ভাবনা আহি তেওঁলোকৰ মন অধিকাৰ কৰে। সৰু লৰাও যেতিয়া অভিভাবক বিহীন হৈ পৰে তাৰ সৰু মুৰটীয়েও নানা কথা ভাবিব লগাত পৰে। মেৰী যেতিয়া ১৭ বছৰৰ হল, তেতিয়া তেওঁ বুজিলে যে তেওঁৰ পিতাকৰ অতিশয় পৰিশ্ৰম হৈছে। তেওঁ পাদুৰী আছিল। পাদুৰীৰ কাম, স্কুলৰ কাম তেওঁৰ বৃদ্ধ বয়সৰ পক্ষে সহ্য নহব। বুদ্ধিমতী মেৰিয়ে বুজিলে তেওঁৰ এতিয়া জীবনৰ প্ৰধান কাম পিতাকক সাহায্য কৰা, তেওঁৰ পৰিশ্ৰম লাঘব কৰা, এই ভাবি মেৰীয়ে নিজৰ জীবন বাপেকৰ সাহায্যাৰ্থ উৎসৰ্গ কৰিলে৷ বৃদ্ধ বয়সৰ গতিকে মেৰীৰ পিতৃদেৱে স্কুল ৰাখিবৰ সামৰ্থ্য নহল কিন্তু মেৰীৰ হতুৱাই ছোৱালী বিলাকৰ নিমিত্তে এটি স্কুল খুলিলে। এই স্কুলত, মেৰীৰ মাতৃদেবী আৰু ভণীয়েকেও পঢ়াইছিল। কেবল দিনত কেই ঘণ্টামান পঢ়ায়েই তেওঁ নিশ্চিন্ত নেথাকিছিল। দেও বাৰে বাৰে তেওঁ ছোৱালী বিলাকক ধৰ্ম্ম উপদেশ দিছিল; পাৰিবাৰিক নানা ৰকম কাম শিকাইছিল; ছোৱালী বিলাকৰ লগত