পৃষ্ঠা:আৰ্হি তিৰোতা.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৰাবেয়া

 সীতা দময়ন্তী প্ৰভৃতি আমাৰ দেশৰ হিন্দু তিৰুতা সকলৰ নাম যেনে চিৰস্মৰণীয়া হৈ পৃথিবীত জ্বলিব লাগিছে, মুছলমান সমাজতো তেনেকুয়া কেজনমান তিৰুতাই চিৰস্মৰণীয়া হৈ জগতত্ উজ্জ্বল দৃষ্টান্ত থৈ গৈছে৷ তাৰে ভিতৰত ৰাবেয়া এজন। আৰব দেশৰ সৰু এখন গাঁওৰ ভিতৰত ইচমাইল নামে এজন দুখীয়া মানুহৰ ঘৰত ৰাবেয়াৰ জনম হয়। নিতান্ত সৰুকালতে ৰাবেয়া মাতৃহীনা হয়। ইচমাইলক মাক বাপেক দুইৰো কাম কৰিব লগীয়াত পৰিছিল। লাহে লাহে ৰাবেয়া অলপ ডাঙ্গৰ হলত ইচ্মাইলে দিনত মজুৰী কাম কৰিবলৈ যায়, ৰাবেয়াই অকলৈ ঘৰত ঘৰৰ কামবল কৰি সন্ধ্যাবেলিকা মৰু- ভূমিৰ ঝৰণাৰ পৰা অতি কষ্টে পিবৰ নিমিত্তে সেচা পাণী আনি বাপেকলৈ বাট চাই থাকে। এনেকৈ অলপ বয়সতেই ৰাবেয়া গম্ভীৰ, ধীৰ আৰু কামত পটু হৈ উঠিল।

 সেই সময়ত ডকাইত বিলাকে গাঁওৰ চাৰিওফালে

আৰ্হি তিৰুতা আৰু অন্যান্য ৰচনা॥ ৫৫