পৃষ্ঠা:আৰ্হি তিৰোতা.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
আৰ্হি তিৰুতা৷


ডকাইতি কৰি ফুৰিছিল। মাজে মাজে সিঁহতে একোখন গাঁও বেৰি ধৰি মুনিহ তিৰুতা যাকে পাইছিল ধৰি নি টকা লৈ চাকৰ চাকৰাণী (ক্ৰীতদাস,ক্ৰীতদাসী) ৰূপে বেচিছিল বা নিজৰ ঘৰতে বন্দীৰূপে ৰাখিছিল। ৰাবেয়াৰ বয়স যেতিয়া ১২/১৩ বছৰ সেই সময়ত এই ডকাইত বোৰে অইন অইন মানুহৰ লগত ৰাবেয়াৰ বাপেককো ধৰি বন্দী কৰি লৈ গল। ৰাবেয়া সংসাৰত একেবাৰে অকলসৰীয়া হল। গাঁওৰ সকলো মানুহে পৰামৰ্শ কৰি স্থিৰ কৰিলে যে ৰাবেয়া একোদিন এজনৰ ঘৰত কাম কৰিব আৰু খাব, কিয়নো সকলো গৃহস্থই দুখীয়া, এনে সঙ্গতি কাৰো নাই যে ৰাবেয়াক প্ৰতিপালন কৰিব পাৰে ৰাবেয়া দিনটো কাম কৰি গধূলী বেলিকা নিজৰ সৰু পজটিত বিশ্ৰাম কৰিবলৈ আহিছিল,আৰু এজনী বুঢ়ী মানুহক সঙ্গী কৰি ৰাতি কটাই আকৌ ৰাতিপুৱা পৰিশ্ৰম কৰিবলৈ যায়। বেচেৰীয়ে বাপেকলৈ মনত পৰি কত ৰাতি চকুৰ পাণীৰে শোৱাপাটী তিয়াই কটাইছিল তাক কোনে জানে? এনে দুখেৰে ৰাবেয়াৰ দিন কাটিছিল। এবছৰৰ পাছত সন্ধ্যাৰ সময়ত এদিন ৰাবেয়া নিজৰ ঘৰৰ দুৱাৰ মুখত বহি নানা

আৰ্হি তিৰুতা আৰু অন্যান্য ৰচনা॥ ৫৬