পৃষ্ঠা:আৰ্হি তিৰোতা.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬
আৰ্হি তিৰুতা৷


আৰু ৰাজপুৰীত থাকিব নোৱাৰিলে। তেঁওৰ মন বিয়াকুল হল, শ্ৰীকৃষ্ণৰ পাদপদ্মৰ তলত পৰি থাকিবৰ অভিলাষ প্ৰবল হল। ধন সম্পদ অট্টালিকা সকলো বিৰ্ষৰ দৰে মনত হল। তেঁও পুনৰায় বৃন্দাবনলৈ গল। কেবল ৰজাৰ অনুৰোধত মাজে মাজে চিতোৰলৈ আহি ৰজাক দেখা দি গৈছিল। শেষজীৱন তেঁও তীৰ্থ ভ্ৰমণ কৰি কটাইছিল। হৰিসঙ্কীৰ্ত্তন কৰোতে কৰোতে মীৰা প্ৰায় ভক্তিৰ প্ৰেমত অজ্ঞান হৈ দেৱতাৰ চৰণত পৰিছিল। অৱশেষত এদিন চিৰদিনৰ নিমিত্তে অজ্ঞান হল আৰু তেঁওৰ পবিত্ৰ দেহ-পিঞ্জৰৰ পৰা প্ৰাণবায়ু উৰি গল। ইয়াকে বোলে ভকতৰ বিশ্বাস, আৰু ভকতিৰ বল। মৃত্যুৰ লগত সংগ্ৰাম নাই, শান্তিত ভগবানৰ চৰণত আশ্ৰয় পায়। চিতোৰত আজি পৰ্য্যন্ত ৰাঞ্চোড়দেবৰ সৈতে মীৰাবাইৰ পূজা হৈ থাকে। সকলে দেশতে তেঁও প্ৰাতঃস্মৰণীয়া।

আৰ্হি তিৰুতা আৰু অন্যান্য ৰচনা॥ ৫৪