পৃষ্ঠা:আৰ্হি তিৰোতা.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫
মীৰাবাই


হলত মীৰাই খোজ কাঢ়ি বৃন্দাবনলৈ যাবলৈ ধৰিলে। ৰাজৰাণী আজি পথৰ ভিখাৰিণী। হৰিনামত তেঁও মত্ত। বাটে বাটে হৰিসঙ্কীৰ্ত্তনৰ নাম শুনি দলে দলে মানুহবিলাক আহি মীৰাৰ লগত যোগ দিবলৈ ধৰিলে। বহুতে তেঁওৰ সঙ্গ ধৰি বৃন্দাবনলৈ ওলাল। এদল যাত্ৰীৰ লগত মীৰাই বৃন্দাবন পালেগৈ আৰু শ্ৰীকৃষ্ণৰ পাদপদ্মত সেৱা কৰি জীৱন সাৰ্থক বোধ কৰিলে। সংসাৰৰ ধন অতি তুচ্ছ!!

 তেঁওৰ ধৰ্ম্মভাবৰ কথা চাৰিওফালে প্ৰচাৰ হৈ পৰিল। নানাঠাইৰ পৰা বহুত মানুহ আহি মীৰাৰ শিষ্য হল। মীৰাৰ ৰচিত গীত সকল প্ৰচাৰ হৈ পৰিল। “মীৰা সম্প্ৰদায়” বুলি এদল সম্প্ৰদায় গঠিত হল। ক্ৰমে ক্ৰমে এই সকলো কথা কুম্ভ ৰজাই শুনিলে। জগতৰ মানুহে যাক মহাভক্ত বুলি সেৱা কৰিছে সেই হেন ৰাণীক তেঁও কটু কথা কৈ ৰাজ্যৰ পৰা খেদাই দিছে এই সকলো কথা,মনতহৈ বৰ অনুতাপ হল, বৃন্দাবনলৈ গৈ মীৰাবাইক ক্ষমা মাগিলে। আৰু চিতোৰলৈ যাবলৈ বিশেষ কৰি অনুৰোধ কৰিলে। মীৰা চিৰদিন স্বামীৰ আজ্ঞাশীলা দাসী। চিতোৰলৈ উভতি গল; কিন্তু

আৰ্হি তিৰুতা আৰু অন্যান্য ৰচনা॥ ৫৩