পৃষ্ঠা:আৰ্হি তিৰোতা.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪
আৰ্হি তিৰুতা৷


মীৰাৰ ৰচিত সঙ্কীৰ্ত্তন ধ্বনিত হব ধৰিলে। মীৰাক সকলোৱে “দেৱী" ভাবে দেখিছিল। তেওঁৰ হৃদয় বদিৰাক সঙ্কীৰ্ত্তন শুনিবৰ নিমিত্তে দেশবিদেশৰ পৰা মানুহ আহিবলৈ ধৰিলে'; সকলোৱেই মীৰাৰ লগত সঙ্কীৰ্ত্তনত যোগ দিব পাৰিছিল।

 পৃথিবীত কপট পৰনিন্দুক মানুহ বহুত৷ তাৰ ভিতৰতে কেইজনমান মানুহে কপট কৰি মীৰাবাইৰ নিৰ্ম্মল পবিত্ৰ চৰিত্ৰত কলঙ্ক আৰোপ কৰিবলৈ ধৰিলে। এ সময়ত এজন ধনী মানুহে সঙ্কীৰ্ত্তনত মৃগ্ধ হৈ মীৰাক এখন দামী অলঙ্কাৰ উপহাৰ দিয়ে। মীৰাই সেই অলঙ্কাৰ “ৰঞ্চোড়দেৱক” পিন্ধাই দিয়ে। পৰনিন্দুক সকলে এই কথা নানাভাবে কুৎসা ৰচনা কৰিবলৈ ধৰিলে। লাহে লাহে কুম্ভৰ কাণলৈ গল ৰজাই খঙ্গত সকলো আন্ধাৰ যেন দেখি একো ঠিক কৰিব নোৱাৰি মীৰালৈ লেখি জনালে যে “নৈত-বুৰি তুমি এই কলঙ্কৰ পৰা উদ্ধাৰ হোৱা” : মীৰাবায়ে এবাৰ ৰজাক শেষ দেখা দেখিব খুজিলে। কিন্তু ৰজাই দেখা নকৰিলে। মীৰাই স্বামীৰ আজ্ঞা মূৰত লৈ নৈত জপিয়াই পৰিল। নদীয়ে তেঁওক কোলাত লৈ অজ্ঞান অৱস্থাত তীৰত থৈ গল। জ্ঞান

আৰ্হি তিৰুতা আৰু অন্যান্য ৰচনা॥ ৫২