মীৰাক অতি কঠোৰ বচনেৰে গালি দি ৰাজ্যৰ পৰা খেদাই দিলে। মীৰাই ৰজাৰ ভৰীৰ ধূলি মূৰত লৈ হৰিসঙ্কীৰ্ত্তন কৰি কৰি ৰাজপুৰী এৰি গুচি গল। চিতোৰবাসী সকলোৱে মীৰাবাইক অতিশয় শ্ৰদ্ধা আৰু ভক্তি কৰিছিল। ৰাজ্যত হুলস্থুল পৰি গল। চাৰিওফালে সকলোৱে চকুলো টুকিবলৈ ধৰিলে আৰু ৰজাৰ অপবাদ কৰিবলৈ ধৰিলে৷ ৰজাৰো যেতিয়া খংটো অলপমান কম পৰিল, তেঁও মীৰা-বাইক আনিবলৈ মানুহ পঠিয়ালে। মীৰাবাইয়ে ৰজাৰ আজ্ঞা পাই কলে “মই চিতোৰ ৰাজৰ দাসী মাত্ৰ, তেঁওৰ আদেশত ৰাজ্য এৰিছিলোঁ আকৌ তেঁওৰ-আজ্ঞাত ৰাজপুৰীলৈ যাম।” মীৰাবাই আকৌ ৰাজপুৰীলৈ উভতি আহিল। পূৰ্ব্বে অন্তঃপুৰৰ ভিতৰতে কেবল মীৰাই বৈষ্ণব বৈষ্ণবী সকলোৰে সৈতে সঙ্কীৰ্ত্তন কৰিছিল, এইবেলি ৰাজবাটত সাধা-ৰণ সকলো মানুহৰে সৈতে তেঁও হৰি সঙ্কীৰ্ত্তন কৰিবৰ আদেশ ৰজাৰ পৰা পালে। ৰাজ্যত এটা ধৰ্ম্ম ভাবদেখা দিলে। লৰা ছোৱালী, বুঢ়া বুঢ়ী,যুবক যুবতী সকলো আহি মীৰাৰ সঙ্কীৰ্ত্তনত যোগ দিবলৈ ধৰিলে। ৰাতিপুৱা গধূলী চিতোৰ ৰাজ্য