পৃষ্ঠা:আৰ্হি তিৰোতা.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পনা


 খনাস জ্যোতিষবিদ্যাৰ ফল লৈ বৰাহ ৰাজসভালৈ গল আৰু ৰজাক জনাই সুখী কৰিলে। ৰজাই আচৰিত হৈ তেওঁ কেনেকৈ গণিলে বুজাই দিবলৈ শুধিলে। বৰাহ একেবাৰে অজ্ঞ, মহা বিপদত পৰি বোৱাৰীয়েকৰ নাম কব লগীয়াত পৰিল।মহাৰাজাই তেওঁৰ ৰাজ্যত এনে এজন পণ্ডিতা আছে জানি সম্মান দেখুৱাবৰ অৰ্থে খনাক দশম ৰত্নৰ ঠাইত বহুৱাব খুজিলে। বৰাহে ইয়াত বৰ লাজ পালে। বোৱাৰীয়েক আহি ৰাজসভাত বহিব এইটো তেওঁ বৰ অপমান বোধ কৰিলে আৰু কেনেকৈ ইয়াৰ পৰা উদ্ধাৰ পাব তাকে চিন্তা কৰি খনাৰ জিবা কাটি দিয়াটো এই স্থিৰ কৰিলে। কিয়নো তেনেহলে আৰু ৰাজসভাত কোনো কামত আৱশ্যক নহব। এই ভাবি নিজ পুত্ৰ মিহিৰক এই কাম কৰিবৰ নিমিত্তে তেওঁ আদেশ দিলে। মিহিৰে পিতৃ আজ্ঞা পালন কৰিবই লাগিব ভাবি ছুৰীলৈ খনাৰ ঘৰলৈ গল। খনাই জ্যোতিষ শাস্ত্ৰ বিদ্যাৰ ফলত পূৰ্ব্বেই তেওঁৰ জীবনৰ শেষ দশা গণি ৰাখিছিল। স্বামীক দেখিয়েই কলে “তুমি অপ্ৰস্তুত আৰু দুঃখিত নহবা, বিধাতাৰ বিধান হবই” বুলি জিবা উলিয়াই দিলে

আৰ্হি তিৰুতা আৰু অন্যান্য ৰচনা॥ ৪৫