সমললৈ যাওক

পৃষ্ঠা:আৰ্হি তিৰোতা.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
আৰ্হি তিৰুতা

মিহিৰে ছুৰী বহুৱাই দিলে। শিব কাটি তেজৰ নদী বৈ গল। তাৰ লগে লগে পণ্ডিতা খনাব প্ৰাণে ইহজগতৰ পৰা বিদায় নিলে। এই বিদুষী মহীয়সী মহিলাই আমাৰ দেশত তেওঁৰ নাম চিৰস্মৰণীয়া কৰি থৈ গল।


মীৰাবাই।

 মীৰাবাই মহাৰাষ্ট্ৰীয় তিৰুতা। তেওঁ ৰজাৰ জীয়ৰী নহয়; কিন্তু ৰূপ, গুণ,আৰু হৰিসংস্কীৰ্ত্তন শুনাই চিতোৰৰ ৰাজকুমাৰৰ মন মুগ্ধ কৰি অৱশেষত ৰাজসিংহাসনত ঠাই পাইছিল। সৰুৰে পৰা তেওঁ বৰ ভক্তিমতী আছিল। সংসাৰৰ ভোগ বিলাসত তেওঁৰ মন নাছিল। মীৰা যেতিয়া সৰু আছিল তেওঁ বৰ সুন্দৰ স্তব গীত গাব পাৰিছিল। ভক্ত সকলে তেওঁৰ স্তব শুনি সংসাৰৰ কথা পাহৰি বিভোৰ হৈ পৰিছিল। নানা দেশৰ পৰা তেওঁৰ হৰি সঙ্কীৰ্ত্তন শুনিবৰ নিমিত্তে তেওঁৰ পিতাকৰ ঘৰত বহুতো মানুহ আলহী হৈছিল। এ সময়ত চিতোৰৰ ৰাজকুমাৰও আহিছিল। ৰাজকুমাৰ কুম্ভই গীত শুনি মুগ্ধ হৈ তেওঁক

আৰ্হি তিৰুতা আৰু অন্যান্য ৰচনা॥ ৪৬