পৃষ্ঠা:আৰ্হি তিৰোতা.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
আৰ্হি তিৰুতা।


মাজত এই বিদ্যা সোমোৱা নাই। বিক্ৰমাদিত্য ৰজাই সেই সময়ত ৰাজত্ব কৰিছিল। মহাৰাজা বিক্ৰমাদিত্যৰ নবৰত্নৰ ভিতৰত বৰাহ নামেৰে এজনৰ পুতেক মিহিৰ ও খনাৰ সঙ্গী হৈ এই অনাৰ্য্য বিলাকৰ ছাত্ৰ হয়। এই ছাত্ৰ আৰু ছাত্ৰী দুইও বিশেষ মনোযোগ ও উৎসাহেৰে জ্যোতিষবিদ্যা শিকিবলৈ ধৰিলে। দুইৰো যেতিয়া বিদ্যাশিক্ষা শেষ হল উভয়ৰ বিবাহ হল। বিবাহৰ পাছত খনাও বধূৰূপে আহি বৰাহৰ ঘৰত সোমাল। স্বামীতকৈও খনা জ্যোতিষবিদ্যাত বেশী পণ্ডিতা আছিল; এনে কি আজি পৰ্য্যন্ত এনে এজন জ্যোতিৰ্ব্বিদ উপজিছে বুলি শুনা নাযায়। তেওঁৰ শেষ জীৱন বৰ শোকজনক। তেওঁৰ শহুৰেক বৰাহ ৰজাৰ নবৰত্নৰ এজন। আকাশত কিমান তৰা আছে ৰজাৰ জানিবৰ নিমিত্তে.ইচ্ছা আৰু কৌতূহল হল, এই বিষয় গণনা কৰিবৰ ভাৰ বৰাহৰ ওপৰত পৰিল। বৰাহ এই বিষয়ে একেবাৰে অজ্ঞ। তেওঁ বিবুদ্ধি হৈ ঘৰলৈ আহিল আৰু আহাৰ নিদ্ৰা একেবাৰে এৰি বিছনাত শুলে। পুত্ৰবধূ খনাই শুধি সকলো জানিলে আৰু গণি দিবৰ নিমিত্তে স্বীকৃত হল।

আৰ্হি তিৰুতা আৰু অন্যান্য ৰচনা॥ ৪৪