পৃষ্ঠা:আৰ্হি-চৰিত.djvu/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
আৰ্হি–চৰিত।

এণ্ট্ৰেঞ্চ্‌ পাচ কৰে; আৰু এতিয়া এম, এ, পাচ কৰি বি, এল, পৰীক্ষা দিবলৈ সাজু হৈছে। নুমলীয়া শ্ৰীমান যোগেন্দ্ৰ নাথ গোহাঁই শ্ৰীমান পদ্মনাথ বৰুৱাৰ যত্ন আৰু পালনতে এণ্ট্ৰেঞ্চ্‌ পাচ কৰি এতিয়া কলেজত পঢ়িছে। ৺ ঘিণাৰাম বৰুৱাৰ জীৱ- নত বৰজীয়েক আৰু বৰজোৱায়েকৰ অকালবিয়োগো দুটা প্ৰধান ঘটনা। এই বিষয়ে পাচত আকৌ অলপ কোৱা হব। নীলকণ্ঠই এফ, এ, লৈকে পঢ়ি লক্ষীমপুৰত চিভিল চিৰস্তাদাৰৰ পদত আছিল, এতিয়া তেওঁ স্বাধীন কাৰবাৰত ধৰিছে। তেওঁৰ এতিয়া তিনটি কন্যা আৰু তিনটি পুত্ৰ। শ্ৰীমান পদ্মনাথৰ লেখকে ন কৈ চিনাকি দিব নালাগে, কাৰণ আসামত প্ৰায় সক- লোৰে তেওঁ চিনাকি লোক। লক্ষীম্‌পুৰীয়া ডেকাৰ ভিতৰত এওঁৱেই পোণ প্ৰথমে এণ্ট্ৰেঞ্চ্‌ পাচ কৰে। আৰু কলিকতাৰ কলেজত পঢ়ি আহি চাৰি বছৰমান কহিমা গৱৰ্ণমেণ্ট্‌ স্কুলত আৰু আঠ বছৰমান তেজপুৰ নৰ্ম্মাল স্কুলৰ হেড্‌মাষ্টৰী আৰু মঙ্গল্‌দৈত তহ্‌চীলদাৰ কাম কৰিছিল। এওঁ এতিয়া এজন বিখ্যাত অসমীয়া গ্ৰন্থকাৰ। বৰ্ত্তমানলৈকে পদ্মনাথ বৰুৱাই ২৫ পচিশ খনমান অসমীয়া ওখখাপৰ কিতাপ লিখিছে। বৰ্ত্তমান তেওঁ “আসাম বন্তি” আৰু “উষাৰ” স্বত্বাধিকাৰী আৰু সম্পা- দক। আজি কেই বছৰমানৰ পৰা পদ্মনাথ বৰুৱা কলিকতা ইউনিভাৰ্চিটীৰ এণ্ট্ৰেঞ্চ্‌, এফ,এ, আৰু বি,এ পৰীক্ষাৰ অসমীয়া বিষয়ত পৰীক্ষক নিযুক্ত আছে। আৰু, সাহিত্য-চৰ্চ্চাত শৰীৰ অসুস্থ হোৱাৰ বাবে এতিয়া তেওঁ নৰিয়া-পেঞ্চন (Invalid