পৃষ্ঠা:আৰ্হি-চৰিত.djvu/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩
আৰ্হি-চৰিত।

বিষয়ে পাচৰ ঘটনাৱলীত অলপ বহলাই কোৱা হব। কণনাথ এতিয়া বৰ্ত্তমান, আৰু তেওঁ পিতৃৰ আদেশমতে স্বাধীন কাৰবাৰ চলাই গৃহস্থী হৈ আছে। এওঁৰ এতিয়া চাইটি পুত্ৰ আৰু এটি কন্যা। সৰু গৰাকীৰ মাহিন্দ্ৰী, নীলকণ্ঠ, পদ্মনাথ, হীৰাৱতী, মুক্তানন্দ, হলিৰাম, তোষেশ্বৰী আৰু নাৰায়ণী এই আঁঠোটি সন্তান। ইবিলাকত বাজেও মাহিন্দ্ৰীৰ আগৰ আৰু হীৰাৱতীৰ পাচৰ দুটি কন্যা নিচেই সৰুতে ঢুকায়; আৰু হলিৰামৰ চালুকীয়া অৱস্থাতে অকালমৃত্যু হয়। মোটৰ ওপৰত দুটি কন্যা আৰু দুটি পুত্ৰকৈ সৰুঘৈণীৰ ৫ জোৰা বা ১০টা সন্তান হৈছিল। ৺ মাহিন্দ্ৰী আইদেওক ৺ গোপীনাথ লঙ্ককীয়া বুঢ়াগোহাঁই ণ্যায়- সোধাফুকন ডাঙ্গৰীয়াৰ পুতেক ৺ কৃষ্ণানন্দ বুঢ়াগোহাঁইদেৱে (লেখকৰ ঘৰত থাকি ) বিয়া কৰাইছিল। আৰু লেখকৰ ঘৰৰ নিচেই ওচৰতে ঘৰ সাজি বহুত দিন একে পৰিয়ালৰ দৰে অতি সুখেৰে আছিল। আৰু তেতিয়াই এই লেখকে বন্ধুৰ মাহিন্দ্ৰী সহধৰ্ম্মিণীৰ অশেষ সৎসাহস, সজশিক্ষা, আৰু গৃহস্থী চলোৱাৰ অশেষ গুণৰ দিনে দিনে পৰিচয় পাই আছিল; আৰু বিশেষ্‌কৈ এওঁ আৰু লেখকৰ স্বৰ্গীয় সহধৰ্ম্মিণী সাবিত্ৰী দুই জনা এক প্ৰাণা সখীয়েক আছিল। এই সংসাৰত দুটি কন্যা আৰু তিনটি পুত্ৰ ৰাখি এই দম্পতীৰ পৰলোক হৈছে। এই তিনটি পুত্ৰৰ ভিতৰত বৰটি শ্ৰীমান সুৰেন্দ্ৰনাথ গোহাঁই বি, এ, এতিয়া চব ডেপুটী কলেক্টৰ। শ্ৰীমান মহেন্দ্ৰনাথ গোহাঁই তেওঁৰ মোমা- য়েক শ্ৰীমান পদ্মনাথ বৰুৱাৰ বিশেষ যত্ন ১২ বছৰ বয়সত