পৃষ্ঠা:আৰ্হি-চৰিত.djvu/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫
আৰ্হি-চৰিত।

Pension) পায়। তাৰ উপৰি পদ্মনাথ বৰুৱাক পূৰ্ববঙ্গ আৰু আসামৰ লেফ্‌টেনেণ্ট্‌ গৱৰ্ণৰ বাহাদুৰ আৰু ভাৰতবৰ্ষৰ গৱৰ্ণৰ জেনেৰেল বাহাদুৰে আসামৰ প্ৰধান সাহিত্যিক বুলি অনুমোদন কৰাত ইংলণ্ডৰ পাৰ্লেমেণ্ট্‌, ৰাজ সভাৰ ভাৰত-মন্ত্ৰীয়ে (The Secretary of State for India) তেওঁক এটি সম্মানী সাহি- ত্যিক পেঞ্চন মঞ্জুৰ কৰি দিছে। এনে পেঞ্চন আসামত কেতিয়াও কোনেও পোৱা নাছিল আৰু গোটেই ভাৰতবৰ্ষত আজিলৈকে এনে পেঞ্চন এয়ে সৈতে মুঠেই দুটি। অলপ দিন হৈছে, আহো- মৰ প্ৰতিনিধিকৈ গৱৰ্ণমেণ্টে তেওঁক আসাম কাউন্সিলৰ বা মন্ত্ৰী-সভাৰ সদস্য বা মেম্বৰ পাতি লৈছে। এইবাবে অকল আহোম সম্প্ৰদায়েই নহয়, সদৌ অসমীয়া জাতিয়ে সন্তোষ পাইছে আৰু গৌৰৱান্বিত বোধ কৰিছে। পদ্মনাথ বৰুৱাৰ প্ৰথমা ভাৰ্য্যা নিঃসন্তান হৈ ঢুকুৱাত তেওঁ দ্বিতীয়বাৰ বিয়া কৰায়। এই দ্বিতীয় ভাৰ্য্যাৰ পৰা তেওঁৰ এটি পুত্ৰ আৰু চাৰিটী কন্যা লাভ হৈছিল। পুত্ৰটি কেঁচুৱাতে ঢুকুৱাত এতিয়া তেওঁৰ ৪ চাৰিটী কন্যা বৰ্ত্তমান আছে। প্ৰথমা কন্যা শ্ৰীমতী নিৰ্ম্মলাসুন্দৰী বৰ আইদেওক বাৰুকিয়াল ফৈদৰ জাগীয়লীয়া গোহাঁই ঘৰৰ ৺ চন্দ্ৰমল বৰ গোহাঁই ডাঙ্গৰীয়াৰ পুতেক শ্ৰীমান সিদ্ধেশ্বৰ বৰ গোহাঁই দেওলৈ বিয়া দিয়া হৈছে। গোহাঁইদেৱে বি-এ পাচ কৰি এম-এ আৰু বি-এল পৰীক্ষা দিবৰ অৰ্থে কলি- কৰ কলেজত পঢ়িছেগৈ। ৺ পিতৃৰ আৰ্হিৰে পদ্মনাথে নিচেই মজলীয়া অৱস্থাৰপৰা নিজৰ বুদ্ধি, পৰিশ্ৰম অধ্যৱসায় আৰু