সমললৈ যাওক

পৃষ্ঠা:আৰ্হি-চৰিত.djvu/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

৫। আধ্যা।

গৃহস্থী জীৱন।

 চৰ্কাৰী কামত সোমোৱাৰ চাৰি বছৰৰ পাচত ২১ বছৰ বয়- সত ঘিণাৰাম বৰুৱাই লক্ষীমপুৰ মৌজাৰ কোঁৱৰ গাওঁৰ ৺ ৰঙা- কোৱঁৰৰ চেনেহী নামে বৰজীয়েকক বিয়া কৰায়। এই বিয়াত ‘বামুণ-দাৰোগা,’ ৺ কেশীৰাম বৰুৱা পেষ্কাৰ, ৺ জীউৰাম বৰুৱা পেষ্কাৰ, ৺ ভুলিৰাম গগৈ পণ্ডিতদেও, ৺ মমিণদাস মোক্তাৰ প্ৰভৃতি সেই সময়ৰ লক্ষীমপুৰৰ ভদ্ৰলোক সকল দৰাঘৰীয়া হৈছিল। আৰু সেই কালৰ মানী, ধনী, আৰু ডাঙ্গৰ সেই কোৱঁৰ পৰিয়ালৰ ৺তুলাৰাম গগৈ, ৺ সাধিৰাম বৰসেনাপতি প্ৰভৃতি আত্মীয়-কুটুম্ববিলাক কন্যাঘৰীয়া হৈ অকলই শকত হৈছিল।

 ৰঙা কোঁৱৰৰ ঘৰ পূৰ্ব্বৰেপৰা লক্ষীমপুৰত বৰ ধনী, মানী, আৰু নামজলা পৰিয়াল আছিল। ইবিলাক দুই ককাই ভাই আছিল, আৰু দুইও ৰজাঘৰীয়া বিষয় খাইছিল। ককায়েক ৰঙা কোঁৱৰে বৰবৰা আৰু ভায়েকে নেওগ ফুকনৰ বিষয় পাইছিল। বৰজনৰ চেনেহী, মথনবৰা, সেন্দুৰী ( ঘাই নাম লম্ভী), মনাইবৰা আৰু সৰুজনৰ জিউৰামফুকন, কণনাথ ফুকন প্ৰভৃতি চাৰি সন্তান আছিল। বৰজনৰ চেনেহী নামে ৰজীয়েকেই ঘিণাৰাম