কাকতীৰ মহলাত উঠি পুলিচৰ চাকৰি এৰি কাকতীৰ কামত সোমাল। আজি কালিৰ মণ্ডলকেই তেতিয়া কাকতী বুলিছিল। এই কাম তেওঁ কিছুমান বছৰ দক্ষতাৰে সৈতে চলোৱাৰ পাচত তেওৰ উপৰৱালা ৺ প্ৰিয়ৰাম দাস মৌজাদাৰ চৰ্কাৰী খাজানা শোধাব নোৱাৰাৰ বাবে বৰ্খাস্ত হয়, আৰু ঘিণাৰাম গগৈক তেওঁৰ ঠাইত ১৮৬৪ খৃষ্টাব্দত ন-কাৰী মৌজাৰ মৌজাদাৰ পতা হয়। ইয়াৰেপৰা তেওঁৰ চাকৰীয়া জীৱনৰ উন্নতিয়ে ভাল গতি ধৰিলে। এই বিষয়তেই বিষয়া নামে তেওঁ ক্ৰমাৎ জিলিকি আহিল। আৰু, পোণ প্ৰথমে চৰ্কাৰী কামত সোমাওঁতে অভিমান কৰি লিখিব নোখোজা তেওঁৰ ওপৰ-পুৰুষৰ “বৰুৱা” খিতাপ সেই কালৰ মহকুমাধিপতি লেফ্টেনেণ্ট (পাচত কৰ্ণেল) মেক্স্ওৱেল চাহাবে লিখিবলৈ আদেশ কৰাত তেওঁ এতিয়া বেয়া নোপোৱা হল। কিছুকাল অকল ন-কাৰী মৌজাত মৌজাদাৰী কৰাৰ পাচত ক্ৰমে ক্ৰমে চিনতলীয়া, কমলাবৰীয়া, ছুটীয়াকাৰী এই তিন মৌজাও ন-কাৰী মৌজাৰ লগত চামিল কৰি গৱৰ্ণমেণ্টে ঘিণাৰাম বৰুবাক উত্তৰ লক্ষীমপুৰৰ ভিতৰত সবাত্কৈ ডাঙ্গৰ মৌজাদাৰ পাতিলে। এই মৌজাদাৰী বিষয় ১৮৬৪ খৃষ্টাব্দৰ পৰা ১৯০০ খৃষ্টাব্দলৈকে ৩৬ বছৰকাল মানে-গৌৰৱে সন্তোষ- জনক্কৈ চলাই অতিবৃদ্ধ বয়সত তেওঁ তাৰপৰা অৱসৰ লয়। এই ৩৬ বছৰেই ঘিণাৰাম বৰুৱাৰ আদৰ্শ জীৱনৰ অতি উজ্জ্বল ভাগ।
⸻০⸻