পৃষ্ঠা:আৰ্হি-চৰিত.djvu/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১
আৰ্হি-চৰিত।

বৰুৱাৰ প্ৰথমা ভাৰ্য্যা বা বৰঘৈনী। বছৰচেৰেকৰ পাচত সেন্দুৰীনামে তেওঁৰ খুলশালীয়েকক বিয়া কৰায়। এওঁ ঘিণা- ৰাম বৰুৱাৰ দ্বিতীয়া ভাৰ্য্যা বা সৰুঘৈনী, আৰু এওঁ এতিয়াও বৰ্ত্তমান আছে।

 ৰঙাকোঁৱৰৰ ভাৰ্য্যা ঘিণাৰাম বৰুৱাৰ শাহুৱেক এগৰাকী বৰ বুদ্ধিমতী আৰু সাদৰী তিৰোতা আছিল। আমা-ডিমা ল’ৰা- ছোৱালী পাঁচোটিৰে সৈতে তেওঁ গাভৰু কালতে বিধবা হয়। তেওঁ নিজৰ বুদ্ধি, পৰিশ্ৰম আৰু ধৈৰ্য্যতাৰে সৈতে এই মাউৰা ল’ৰা-ছোৱালী কেইটা ডাঙ্গৰ-দীঘল কৰিলে। আৰু বৰজীয়েকক বিয়া দিয়াৰ পাচৰপৰা জোৱাঁয়েক ঘিণাৰাম বৰু- ৱাক বৰপুত্ৰ হেন জ্ঞান কৰি তেওঁ ইকেইটা লৰা-ছোৱালীও তেওঁকে গটাই দিলে। জোৱায়েকলৈ শাহুৱেকৰ সাধাৰণতে বৰ মৰম, কিন্তু ইবিলাকৰ ভিতৰত এই মৰম বিশেষ আছিল। ঘিণাৰাম বৰুৱাৰ চৰিত্ৰৰ গুণে শাহুৱেকক এনেদৰে মোহিত কৰিছিল যে, তেওঁ আপোন ইচ্ছাৰে তেওঁৰ সৰু জীয়েককো ভিনীহিয়েকলৈকে বিয়া দিলে। তাৰ পাচত তেওঁ জোৱাঁয়েকক থানা কাষৰৰ বাৰীৰপৰা তুলি আনি তেওঁৰ ন-কাৰী গাৱঁৰ ঘৰ-বাৰী আৰু সমুদায় স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰে সৈতে মাউৰা লৰা তিনটা তেওঁক গতাই দিলে। আৰু ইয়াৰ বছৰচেৰেকৰ পাচতে তেওঁৰ পৰলোক হ’ল। ঘিণাৰাম বৰুৱায়ো শাহুৱেকৰ বাক্য অলপো লৰচৰ নকৰাকৈ পালন কৰি মাউৰা খুলশালিয়েকহঁতক নিজৰ ভাতৃৱত মৰম-চেনেহেৰে