পুলিচৰ চাকৰিত ঘিণাৰামে অলপ কালৰ ভিতৰতে বৰ নাম
কৰি উঠিল। এনে কি, তেওঁক বৰ লায়ক বিবেচনা কৰি
১৮৬১ খৃষ্টাব্দত শদিয়াৰপৰা দিহীৰিলৈকে পৰ্ব্বতীয়া জাতি
বিলাকৰ সীমা নিৰ্দ্ধাৰণ কৰিবৰ নিমিত্তে তেওঁৰ ওপৰত
ভাৰ দিয়া হৈছিল। আৰু তেওঁৰ নিৰ্দ্ধাৰণ মতেই বহুকাল-
লৈকে সেই সীমা চলি আছিল। ইয়াৰ পাচত তেওঁক জামা-
দাৰৰ পদলৈ তুলিবৰ নিমিত্তে উপৰুৱা বিষয়াসকলৰ ভিতৰত
আলোচনা হৈছিল। কিন্তু পুলিচৰ “মিলিটাৰী” বিভাগত বৰ
দুখ, আৰু সংসাৰী মানুহলৈ সেই কামত সুবিধা নাই কাৰণে
তেও “চিভিল”লৈহে আহিবৰ মন কৰিলে। কিন্তু “মিলিটাৰী”
বিভাগত তেওঁৰৰ কাজুৱা দেখি উপৰুৱাসকলে তেওঁক সেই
বিভাগতে ৰাখিবলৈহে স্থিৰ কৰিলে। এই কথাত তেওঁ মনে
মনে দুখ পালে আৰু তাৰপৰা যেনে তেনে প্ৰকাৰে ওলাবলৈ
তেওঁ সঙ্কল্প কৰিলে।
ঘিণাৰামৰ সঙ্কল্পৰ লগে লগে কাৰ্য্যৰ আৰম্ভ হয়। তেওঁ পুলিচৰ পৰা ওলাই কাকতী, মহৰী, অমোলা এনে চাকৰিত সোমাবৰ মনেৰে আকৌ লিখা-পঢ়াত মন পুতি লাগিল। এনে সময়তে ৺ভুলিৰাম গগৈ নামে এজন পণ্ডিত তেওঁৰ লগ লাগিল। সেই সময়ত ৺ভুলিৰাম দেউ লক্ষীমপুৰত এজন প্ৰখ্যাত পণ্ডিত আছিল। (লেখকো সেইজনা পণ্ডিতৰ এজন ছাত্ৰ আছিল)। তেওঁৰ যত্নতে ঘিণাৰামে লিখা-পঢ়া আৰু অঙ্কবিদ্যাত বেগাই উন্নতি কৰিবলৈ ধৰিলে। আৰু অলপ দিনৰ ভিতৰতে তেওঁ