ঘৰতে লিখা-পঢ়া শিকোৱা হয়। “বামুণ দাৰোগা”ৰ ল’ৰাহঁতকো সেইদৰেই শিক্ষা দিয়া হৈছিল। আৰু সেই ছেগতে ঘিণাৰামেও লিখা-পঢ়াত মন দিয়ে। জাঁজিৰ লৰা-বন্ধু গদাধৰৰে সৈতে ঘিণাৰাম সমপাঠী আছিল।
সৰুৰেপৰা ঘিণাৰাম চিন্তাশীল আৰু দূৰদৰ্শী ল’ৰা আছিল। ভবিষ্যতে কেনেকৈ উন্নতি কৰিব, এই ভাব তেওঁৰ মনৰপৰা নুগুচিছিল। লিখা-পঢ়া নাজানিলে যে মনৰ আন্ধাৰ নুগুচে আৰু আগলৈ ভাল মানুহ হব নোৱাৰি, এই কথা তেওঁ ভালকৈ বুজিছিল। সেই কাৰণে তেওঁ “বামুণ দাৰোগা”ৰ ল’ৰাহঁতৰ লগতে লিখা-পঢ়া শিকিবলৈ মন পাৰি লাগিছিল। ঘিণাৰাম বৰ মনোেযোগী ল’ৰা আছিল। আন ল'ৰাই পঢ়াৰ সময়ত চলৌপাতি কৰে, কিন্তু তেওঁ লিখা বা পঢ়াৰপৰা মূৰ নাদাঙ্গে। আন ল'ৰাই অসময়ত ধেমালি পাতিলে তেওঁ তাৰ লগ নলয়; কিন্তু ধেমালিৰ সময়ত তেওঁ একান্তমনেৰে ধেমালি কৰে। বাৰমতৰা শেষ নকৰালৈকে তেওঁ লগৰপৰা কিতাপ নেৰিছিল। কোনো কামত লাগি থাকেঁতেও যেতিয়াই অলপ আজৰি পায়, তেতিয়াই তেওঁ কিতাপ মেলে।
সৰুৰেপৰা ঘিণাৰাম সত্যবাদী, মিষ্টভাষী, নম্ৰ, ধীৰ আৰু শিষ্ট আছিল। সাহ-পিত, বুদ্ধি-কৌশল, যত্ন-অধ্যাবসায় এইবোৰ গুণত তেওঁ সমনীয়াৰ অগ্ৰগণী আছিল। সেই কাৰণে ডাঙ্গৰে তেওঁক মৰম কৰে, সমনীয়াই তেওঁলৈ প্ৰীতিৰাখে, আৰু সৰুৱে তেওঁক মান কৰে। এই বোৰ সদগুণৰ বাবেই সকলো