ৰং-ধেমালিত সমনীয়া বিলাকে তেওঁক ঘাই পাতিছিল; আৰু বৰলোকে তেওঁক সংসাৰত উদ্গতি কৰিবলৈ সহায় কৰিছিল।
কাম-কাজতো ঘিণাৰাম সৰুৰেপৰা বৰ পৈণত আছিল। যেই সেই কামকে তেওঁ খোৰোচামাৰি কৰিছিল, আৰু কোনো কাম আধাডোখৰিয়াকৈ নেৰিছিল। যি কাম কৰিবলৈ তেওঁ গাত লয় তাক তেওঁ মৰি-পৰি কৰিছিল। আন কি অমুক কাম্- টোলৈ ঘিণাৰাম গৈছে বুলিলে সেই কামৰ সিদ্ধিৰ নিমিত্তে সকলো নিশ্চিন্ত হৈছিল। দাৰোগাই পাচলৈ তেওঁৰ কোনো লাগতিয়াল আৰু বিশ্বাসী কাম হলে ঘিণাৰামৰে সৈতেহে কৰিছিল।
স্বভাৱ-চৰিত্ৰৰ গুণেৰে ঘিণাৰামে পৰক আপোন কৰিব পাৰিছিল। তেওঁৰ সজ স্বভাৱত অকল যে “বামুণ দাৰোগা”হে মোহিত হৈছিল এনে নহয়, ওচৰচুবুৰীয়া সকলোৱে তেওঁক সেইবাবে মৰম কৰিছিল। বিশেষকৈ, পেস্কাৰ-পেষ্কাৰণীয়ে ঘিণাৰামক আপোনাৰ ল'ৰা-ছোৱালীৰ নিচিনাকৈ চেনেহ কৰি- ছিল। ৺ কেশীৰাম চলিহা পুৰণিমেলিয়া বৰুৱাৰ সহধৰ্ম্মিণী গৰাকী বৰ সাদৰী তিৰোতা আছিল ( এইজনা লেখকৰ মাতৃ )। লক্ষীমপুৰত তেওঁ “আইতা” নামেহে বেচি প্ৰখ্যাত। ঘিণাৰাম “পেষ্কাৰণী আইতা”ৰ মৰমৰ ধৰুৱা আছিল। তেওঁ এই মৰমৰ কথা জীৱনত নাপাহৰিছিল।
ফাকি, প্ৰবঞ্চনা, মিছকথা এই বিলাক ঘিণাৰামে বৰ ঘিণ কৰিছিল। কেতিয়াবা কোনো দোষ কৰিলে সোধা মাত্ৰে তেও