পৃষ্ঠা:আৰ্হি-চৰিত.djvu/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২
আৰ্হি-চৰিত।

সকলো কথাতে তেৱোঁ আমাৰ পৰিয়ালৰ ভিতৰৰ এটি বুলি ভাবিবিহঁক। মাউৰা ল'ৰা অলপতে বেজাৰ পাব পাৰে। ল’ৰাই কোনো কথাত বেজাৰ পালে মই বৰ বেজাৰ পাম।” ইয়াৰ পাচৰপৰা “বামুণ দাৰোগা”ৰ পুতেকহঁতৰে সৈতে আপোন ভাই-ককাইৰ দৰে ঘিণাৰামে সুখেৰে দিন নিয়াবলৈ ধৰিলে।

 ঘিণাৰাম সৰুৰেপৰা বিবেচক আৰু অভিমানী লৰা আছিল। তেও “বামুণ দাৰোগা”ৰ ঘৰত বৰ সুখেৰে আৰু নিচেই আপোন ভাৱে থাকিবলৈ পাইছিল, তথাপি পৰৰ ঘৰত বহি খোৱাটো তেওঁ অন্যায় আৰু অপমানৰ কথা যেন বোধ কৰিছিল। সেই কাৰণে তেওঁৰপৰা গৃহস্থৰ কেনেকৈ অলপ লাভ হব পাৰে সেইটো তেওঁ সততে মনত ৰাখিছিল। আৰু সেই অৰ্থেই তেওঁ গৃহস্থালি কামবিলাক উপযাচি কৰি ফুৰিছিল। “বামুণ দাৰোগাই “গগৈদেও, সেইটি তোমাৰ কাম নহয়” বুলি হাক দিলেও “বাৰু হওক, বন কৰিলে মানুহ আগলৈ ভালহে হয়” এই বুলি তেওঁ উত্তৰ দি আকৌ বনত ধৰে। পিচলৈ পৰৰ ল’ৰাই বেজাৰ পায় যেন দেখি সৰলচিতীয়া “বামুণ দাৰোগা”ই নিজৰ পুতেক হঁতকো লাগি-ভাগি কাম কৰিবলৈ দিয়া হ'ল। আৰু তাৰপৰা এই ফল ধৰিলেগৈ যে, দাৰোগাৰ ল'ৰা কেইটিও ঘিণাৰামৰ লগপাই কাৰ্য্য-প্ৰিয় হৈছিল।

 এই সময়ত উত্তৰ লক্ষীমপুৰত পঢ়াশালিৰ সৃষ্টি হোৱা নাই। তেতিয়া চৰ্কাৰী কামৰ উপযোগী কৰিবলৈ ডাঙ্গৰ মানুহৰ ল’ৰাক