৩। আধ্যা।
পৰৰ ঘৰত।
“বামুণ দাৰোগা” পদ্মধৰ শৰ্ম্মাবৰুৱা লক্ষীমপুৰত এজন নামজলা মানুহ আছিল। সেই কালৰ আৰু এজন নামজলা ডাঙ্গৰ মানুহ ৺কেশীৰাম চলিহা পুৰণি মেলিয়া বৰুৱাৰ (লেখকৰ পিতৃ ) বাৰীতে দাৰোগাই ঘৰ লৈছিল। চলিহা বৰুৱা তেতিয়া কলেক্টৰী পেষ্কাৰ আছিল আৰু তেওঁ “কেশী পেষ্কাৰ” নামেহে লক্ষীমপুৰত বেচি প্ৰখ্যাত।
জাজিৰ পৰা খোজকাঢ়ি তিনদিনে গদাধৰ আৰু ঘিণাৰাম লক্ষীমপুৰ ওলালগৈ। ইবিলাক যেতিয়া “বামুণ দাৰোগা”ৰ ওচৰত থিয় হলগৈ তেতিয়া তেওঁ ঘিণাৰামক দেখি আচৰিত হ’ল, আৰু আনন্দত নিজৰ পুতেকলৈকো কাণ নকৰি ঘিণাৰামক তেওঁ গবামাৰি ধৰিলেগৈ। তাৰ পিচত কুশল-মঙ্গলৰ দুইচাৰিটা কথা সুধি তেওঁ দুইকো দুহাতে ধৰি ভিতৰলৈ লৈ গল।
দিনচেৰেক আলহীভাবে যোৱাৰ পাচত, “বামুণ দাৰোগা”ই পুতেকৰ মুখে ঘিণাৰামৰ বিষয়ে সকলো শুনিলে। আৰু তেওঁৰ প্ৰিয়বন্ধু ৺কিণাৰাম ডেকাবৰুৱালৈ মনত কৰি তেওঁ বহুত বেজাৰ কৰিলে। তাৰ পাচত তেওঁৰ ঘৰৰ সকলোকে এইদৰে বুজাই কলে “হাঁয়, কেনে মানুহৰ লৰা কেনে অৱস্থাত পৰিছে। তহঁতে ঘিণাই গগৈদেওক পৰ যেন নেদেখিবি।