পৃষ্ঠা:আৰ্হি-চৰিত.djvu/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
আৰ্হি-চৰিত।

পাইক বিলাক উটি যোৱা দি গল। কিণাৰাম ডেকা-বৰুৱা মানৰ হাততে কটা গল।

 কিণাৰাম মৰাণ-ডেকাবৰুৱাৰ পুতেক কাণুৰাম আৰু ঘিণা- ৰাম। এই ঘিণাৰাম ডেকা-বৰুৱাই আমাৰ এই ক্ষুদ্ৰ গ্ৰন্থ নায়ক। এওঁ কেনেকৈ নিজৰ বুদ্ধি, বল, কৌশল, অধ্যৱসায়, আত্মনিৰ্ভৰ আৰু সজ চৰিত্ৰৰ বলেৰে অশেষ দুখ-কষ্টৰ বিপ- দীয়া সংসাৰৰ মাজেদি সৰকি এজন স্বনামখ্যাত মহৎলোক হৈ উঠিছিল, তাৰ সংক্ষেপ বিৱৰণ এই পুথিত লিখা হব।

২। আধ্যা।

⸻:০:⸻

লৰা-কাল।

 ৺ ঘিণাৰামৰ জন্মতে বিপদ। ১৭৪৫ শঁকত বা ১৮২৪ খ্ৰীষ্টাব্দত যেতিয়া জাঁজি জকাইচুক মৌজাৰ বামুণ-মৰাণ গাওঁত তেওঁৰ জন্ম হয়, তেতিয়া অসমত মানৰ তৃতীয়বাৰৰ আক্ৰমণ হৈ আছিল। আৰু, তেওঁৰ জন্মৰ ছমাহৰ আগতে দেউতাক কিণাৰাম ডেকাবৰুৱা মানৰ হাতত কটা যোৰাৰ কথা ওপৰত উনুকিয়াই অহা হৈছে।

 ৺ঘিণাৰামৰ আইতাকৰ নাম মাকৰী। তেও গৰ্ভবতী অবস্থাত মান-ভগনৰ অশেষ যন্ত্ৰণা ভুঞ্জিব লগা হৈছিল। আৰু ঘিণাৰামৰ ছমহীয়াতে তেওঁৰ পৰলোক হয়। মাউৰা ঘিণাৰামে