পৃষ্ঠা:আৰ্হি-চৰিত.djvu/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
আৰ্হি-চৰিত।

বৰবৰুৱাৰ বাব পোৱাত তেওঁৰ ঠাইত তেওঁৰ পুতেক আচুক গগৈদেওক মৰাণ-ডেকাবৰুৱা পতা হয়।

 গদাধৰসিংহ স্বৰ্গদেৱৰ বাছনিমতে আচুক ডেকাবৰুৱা বৰ- পাত্ৰগোহাঁই ডাঙ্গৰীয়াৰ পদলৈ উঠাত, তেওঁৰ ঠাইত তেওঁৰ পুতেক হৰিনাথ গগৈদেওক মৰাণ-ডেকাবৰুৱা পতা হয়। শিৱসিংহ স্বৰ্গদেৱৰ ৰাজত্বত ৰমানন্দক ভাঙ্গি হৰিনাথ ডেকা- বৰুৱাক বৰপাত্ৰগোহাঁইৰ বাব দিয়া হয়; আৰু তেওঁৰ ঠাইত পুতেক ভগী গগৈদেওক মৰাণডেকাবৰুৱা পতা হয়। তাৰ পাচত ৰাজেশ্বৰসিংহ স্বৰ্গদেৱৰ দিনত ভগী ডেকাবৰুৱাক তিপ- মীয়া বৰুৱাৰ পদলৈ নিয়াত, তেওঁৰ ঠাইত তেওঁৰ পুতেক ৰুদ্ৰেশ্বৰ গগৈদেওক মৰাণ-ডেকাবৰুৱা পতা হয়।

 লক্ষ্মীসিংহ স্বৰ্গদেৱৰ ৰাজত্বত ৰূদ্ৰেশ্বৰ ডেকা বৰুৱাক বৰপাত্ৰ গোহাঁই ডাঙ্গৰীয়াৰ আসন দিয়াত, তেওঁৰ ঠাইত তেওঁৰ পুতেক আজোখা গগৈদেও মৰাণ-ডেকাবৰুৱা হয়। মোৱাঁমৰী- য়াৰ বিদ্ৰোহৰ সময়ত এওঁ এজন লাগতিয়াল বিষয়া আছিল; আৰু সেই সময়ত নগৰ ৰক্ষা কৰাত এওঁ পূৰ্ণানন্দ বুঢ়াগোহাঁই ডাঙ্গৰীয়াৰ প্ৰধান সহায় আছিল।

 আজোখা মৰাণ ডেকাবৰুৱাৰ পুতেক কিনাৰাম মৰাণ- ডেকাবৰুৱা। এওঁ মানৰ উপদ্ৰৱৰ সময়ত নিজৰ পাইক মৰাণ-কাঁড়ীবিলাকৰে সৈতে আত্মৰক্ষা আৰু ৰাজ্যৰক্ষাৰ হেতু মানসেনাৰ লগত প্ৰাণপণে যুঁজিছিল। কিন্তু, বাৰিষাৰ নৈ যেন বেগী মানসেনাৰ আক্ৰোশৰ আগত ঠাৱৰিব নোৱাৰি মৰাণ-