পৃষ্ঠা:আৰ্হি-চৰিত.djvu/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
আহি-চৰিত।

চুচৰি গৈ উলিয়াই থোৱা মাকৰ শৱৰ বুকুত উঠি পিয়াহ খাইছিল!

 পিতৃ-মাতৃ বিয়োগৰ পাচত, ঘিণাৰামক বুঢ়ীমাকে তুলি-তালি ডাঙ্গৰ কৰে। তেওঁ নাতিয়েকক বৰ মৰম কৰিছিল। এনে কি, ঘিণাৰামে কাৱৈমাছ বৰ ভালপায় কাৰণে তেওঁ চুবুৰীত সেই মাছৰ খোজনিয়াৰ আছিল। আৰু, উমলি ফুৰোঁতেও ল’ৰাৰ ওপৰত তেওঁ চকু ৰাখিছিল। এই দৰে তুলি-তালি ঘিণা- ৰামক বাৰ বছৰীয়া কৰি বুঢ়ীমাক ঢুকাল। সেই দিনাৰ পৰাহে ঘিণাৰাম ঘাট-মাউৰা হল।

 বুঢ়ীমাক ঢুকুৱাৰ পাচত, ককায়েক কাণুৰামে ভায়েকক বৰ মৰম কৰিছিল। এনে কি ওমলোঁতে সমনীয়া ল'ৰাৰে সৈতে খুটীয়া-খুটি লাগি ভায়েকে কান্দিলেও তেও সহিব নোৱাৰিছিল। এই দৰেই ককায়েকৰ আদৰত ঘিণাৰাম আলসুৱা হৈ উঠিছিল।

 সৰুৰেপৰা ঘিণাৰামৰ সাহ-পিত, বুদ্ধি-কৌশলৰ চিনাকি পোৱা গৈছিল। সমনীয়া ল’ৰাবিলাকৰ ভিতৰত তেওঁ সকলো কামতে ঘাই আছিল। জাপ মৰা, লৰ মৰা, সাঁতোৰা, গছত উঠা এইবোৰ কামত তেওঁ আটাইত্কৈ‌ আগ। কোনো ভয় লগা বা বলে নোৱৰ কামলৈকো তেওঁ আগ। সেই কাৰণে সমনীয়া ল’ৰাবিলাকে ঘিণাৰামক সকলো বিষয়তে ঘাই পাতি লৈছিল।

 কিন্তু ঘিণাৰামে সুখেৰে লৰাকাল সৰহ দিন নিয়া নোৱা- ৰিলে। ককায়েকে বিয়া কৰোৱাৰ পাচৰপৰা খোৱা-লোৱাত

তেওঁৰ দুখ হবলৈ ধৰিলে। আৰু লাহে লাহে ফটা তিয়নী