ৰাজ্য বিস্তাৰিত হল, সিমানলৈকে “অসমদেশ” নামে খ্যাতি হল।
চুকাফা মহাৰজাই দেশজয় কৰিবলৈ আহোঁতে লগত থাওমংক্লিংলুন্মুং বুঢ়াগোহাঁই ডাঙ্গৰীয়া, থাওমুংকানঙ্গন বৰগো- হাঁই ডাঙ্গৰীয়া, আৰু ৮ জন বিষয়াৰে সৈতে ১০৮০ জন মাটি- ৰণুৱা, ৩০০ ঘোঁৰা-ৰণুৱা আৰু দুটা হাতী আনিছিল। চৰাই- দেওত নগৰ পতাৰ পাচত, ৰাজ্য বঢ়াবৰ নিমিত্তে এই কেইজন ডাঙ্গৰীয়া, বিষয়া আৰু সৈন্য সামন্তক ভাগ-ভাগ্কৈ নানাফালে পঠিওৱা হৈছিল। ঘাইকৈ মৰাণ, বৰাহী, মটক এই কেই- জাতিক বশ কৰি ৰাখিবৰ কাৰণে ডাঙ্গৰীয়া দুজনৰ গাত ভাৰ আছিল। সেই কাৰণে, সিবিলাকে মাজে-মাজে কেইবা বছৰ- কৈয়ো এই বিলাক ঠাইত কোঁঠ পাতি থাকিবগৈ লগা হৈছিল।
চুকাফা মহাৰজা স্বৰ্গী হোৱাত তেওঁৰ পুতেক চুতেউফা কোৱঁৰ ৰাজপাটত উঠিল। এওঁৰ দিনতে আগৰ বুঢ়াগোহাঁই আৰু বৰগোহাঁই এই দুজন ডাঙ্গৰীয়া ঢকুৱাত সিবিলাকৰ পুতেক থাওৰুৰু আৰু চাওবিনক ক্ৰমে বুঢ়াগোহাঁই ডাঙ্গৰীয়া আৰু বৰগোহাঁই ডাঙ্গৰীয়া পতা হ’ল। ১৩ বছৰ ৰাজপাট খাই চুতেউফা মহাৰজা স্বৰ্গী হোৱাত তেওঁৰ পুতেক চুবিন্ফা কোৱঁৰ ৰজা হল।
স্বৰ্গদেৱ চুবিন্ফাৰ দিনতে মৰাণবিলাক এবাৰ আকৌ মূৰ জোকাৰি উঠিছিল। সিহঁতক থমাই শান্ত কৰিবৰ অৰ্থে কিছু