পৃষ্ঠা:আৰ্হি-চৰিত.djvu/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
আৰ্হি-চৰিত।

আসামৰ উত্তৰ-পূব চুকে পাট্কা‌ই পৰ্ব্বতৰ নামনিত। এই ৰাজ্যতে দুয়ো কোৱঁৰে বছৰচেৰেক মিলা-প্ৰীতিৰে ৰাজ্য চলোৱাৰ পিচত, সিবিলাকৰ মাজত ঘৰুৱা কন্দল লাগিবলৈ ধৰিলে। তাতে ককায়েক খুন্লু‌ঙ্গে খং কৰি গুচি গৈ চীন দেশৰ ভিতৰৰ খেহ প্ৰদেশত সুকীয়াকৈ ৰাজ্য পাতিলেগৈ। তাৰ পিচত, ভায়েক খুন্লাই মুংৰিমুংৰামত ৪০ বছৰ ৰজাহৈ স্বৰ্গী হল। তেওঁ স্বৰ্গী হোৱাত তেওঁৰ বংশৰ ৰজাই আৰু ৪০ বছৰ ৰাজত্ব কৰিলে। তাৰ পাচত খুন্লাইৰ বংশ লোপ পালে। গতিকে খেহ দেশৰপৰা খুনলুঙ্গৰ বংশৰ কোৱৰ আনি মুংৰিমুংৰামত ৰজা পতা হ'ল। আৰু তাৰে পৰা ৪০ জন ৰজাহৈ যোৱাৰ পাচত সেই বংশৰে বিখ্যাত চুকাফা কোৱঁৰ ৰাজ পাটত উঠে।

 চুকাফা স্বৰ্গদেৱে ১৮ বছৰ মুংৰিমংৰামত ৰজা হোৱাৰ পাচত পূবৰ ফালে দিগ্বিজয় কৰিবলৈ মন কৰিলে। সেই অৰ্থে ১১৫০ শঁকত তেওঁ সৈন্য-সামন্তৰে সৈতে পাট্কা‌ই পৰ্ব্বত পাৰ হৈ সৌমাৰত সোমালহি। এই সৌমাৰত এতিয়া লক্ষীমপুৰ আৰু শিৱসাগৰ জিলা পৰিছে। চুকাফা মহাৰজাই সৌমাৰত ভৰি দিয়েই পোনপ্ৰথমে মৰাণ, বৰাহী, মটক প্ৰভৃতি আদিবাসী বিলাকক ৰণত জিনি নামৰূপ, তিপাম, অভয়পুৰ, হাবুং, সিমলু- গুৰি, নামদাং এই বিলাক ঠাই দখল কৰি চৰাইদেওত নগৰ পাতিলে। তাৰ পিচত স্বৰ্গদেৱে অসীম পৰাক্ৰমেৰে ক্ৰমাৎ তেওঁৰ ৰাজ্য বঢ়াবলৈ ধৰিলে; আৰু যিমানলৈকে তেওঁৰ