কালৰ নিমিত্তে স্বৰ্গদেৱে থাওৰুৰু বুঢ়াগোহাঁই ডাঙ্গৰীয়াক সৈন্য- সামন্ত লগত দি মৰাণ ৰাজ্যলৈ পঠিয়ালে। আৰু, বুঢ়াগোহাঁই ডাঙ্গৰীয়াই ভালেমান দিন মৰাণৰ লগত ৰণ কৰি অৱশেষত সিহঁতক বশ কৰিলে। কিন্তু সিহঁতক একেবাৰে শান্ত কৰিবৰ অৰ্থে ৰাজাজ্ঞা অনুসৰি ডাঙ্গৰীয়া তাতে কিছুকালৰ নিমিত্তে বাহৰ পাতি থাকিল। এই বসতিৰ কালতে থাওৰুৰু বুঢ়াগোহাঁই ডাঙ্গৰীয়া এগৰাকী ৰূপৱতী মৰাণ জীয়াৰীৰ প্ৰেমত পৰে। আৰু এই প্ৰেমৰ বান্ধ্ এৰাব নোৱাৰি ডাঙ্গৰীয়াই মৰাণ-বাহৰত থকাৰ কাল ক্ৰমাৎ বঢ়াই নিবলৈ ধৰিলে। অৱশেষত, সেই মৰাণ- জীয়াৰীক তেওঁ ভাৰ্য্যাৰূপে গ্ৰহণ কৰিলে। তাৰ পাচত, তাতে আৰু বছৰচেৰেক গৃহবাস কৰি থকাৰ পাচত সেই ভাৰ্য্যা আৰু তেওঁৰ গৰ্ভজাত চাওফ্ৰংডাম আৰু কুন্কাই নামে দুটি পুত্ৰ- সন্তানক এৰি ডাঙ্গৰীয়া তাতে স্বৰ্গী হ’ল।
থাওৰুৰু বুঢ়াগোহাঁই ডাঙ্গৰীয়াই মৰণৰ অলপ আগেয়ে ডলৌ বাঁহৰ কান্মাৰি এডালৰ গাঠি ফুটুৱাই তাৰ মাজত তেওঁৰ বিষয়ৰ চনন্দ-পত্ৰখন যতনেৰে সুমুৱাই থৈ ওপৰ-চাঙত তোলাই থৈছিল। আৰু, তেওঁৰ ভাৰ্য্যাক গুপুতে এই উপদেশ দি থৈছিল যে, কালত যেতিয়া তেওঁৰ বৰপুত্ৰ কাঁড়ীৰ লেখত পৰি খৰি যোগনিয়াৰ হব তেতিয়া যেন সদায় সি সেই কান্মাৰিৰে ৰজাঘৰত খৰি যোগাব, আৰু সদায় কান্মাৰি ডাল ঘৰলৈ ঘূৰাই লৈ আহিব।
থাওৰুৰু বুঢ়াগোহাঁই ডাঙ্গৰীয়া স্বৰ্গী হোৱাৰ ১২ বছৰৰ